জোনাই, ৮ ছেপ্টেম্বৰ: ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যখনত ১০০০ মিলিলিটাৰৰ তলৰ ক্ষমতাৰ প্লাষ্টিকৰ পানীৰ বটলৰ নিৰ্মাণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশনা ইতিমধ্য়ে জাৰি কৰিছে । সৰু পেকেটযুক্ত খোৱা পানীৰ বটলে ডাঙৰ বটলত কৈ অধিক প্ৰদূষণ কৰাৰ আশংকা কৰি এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বুলি ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে উল্লেখ কৰিছে । অহা অক্টোবৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নিয়মাৱলী পৰিৱেশ সংৰক্ষণ আৰু স্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই নিৰ্দেশ জাৰী কৰাৰ পিচতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এইবাৰ ইয়াৰ বিৰুদ্ধে গৰজি উছিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি ।
ইতিমধ্যে অসম চৰকাৰে কেবিনেটৰ জৰিয়তে অহা দুই অক্টোবৰৰ পৰা এক লিটাৰতকৈ কম পানী বটল বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই বিৰোধিতা কৰিছে । কেবিনেটৰ জৰিয়তে অসম চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক সমালোচনা কৰি তেওঁ অসমৰ মাটিত পানীৰ বটল প্ৰস্তুত কৰা কোম্পানী বন্ধ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে বহুজাতিক কোম্পানীৰ শীতল পানীয়ৰ বটল বন্ধ কৰি দেখুৱাবলৈ প্ৰত্য়াহ্বান জনায় ।
তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে চৰকাৰৰ এই থলুৱা বিৰোধী নীতিৰ জৰিয়তে পানী বটল কোম্পানীৰ পৰা বৃহৎ অংকৰ কমিছন লৈ পানীৰ মূল্যবৃদ্ধি কৰিবৰ বাবে এনে কাৰ্য কৰিছে । তেওঁ চৰকাৰে সৰু পানীৰ বটল বন্ধ কৰি ৰাইজক আৰ্চেনিকযুক্ত পানী খুৱাই মাৰাত্মক ৰোগ বিয়পাবলৈ এনে হঠকাৰী সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ।