জোনাই ,৩ এপ্ৰিল: দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে টোল কৰ, বিদ্যুত মাছুল, ঔষধ, পেট্ৰ’ল-ডিজেল আদিৰ মূল্য (Price hike of Essential Drugs) ৷ ফলত এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে সাধাৰণ ৰাইজে ৷ সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে (Price hike in Assam) ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাইছে । অসম চৰকাৰে যোৱা ১ এপ্ৰিলৰ পৰা টোল কৰ, বিদ্যুত মাছুল আৰু জীৱনদায়িনী ঔষধৰ লগতে অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল- সংগঠন ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে জোনাইত পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (AJYCP protest in Jonai)। অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সোমবাৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে । পুৱা ১১ বজাৰ পৰা শতাধিক কৰ্মীৰ অংশগ্ৰহণত আৰম্ভ কৰা এই কাৰ্যসূচীত ছাত্ৰ কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, বিদ্যুৎ মাছুল হ্ৰাস কৰক, বিজেপি গ'বেগ, টোল কৰ হ্ৰাস কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী কঁপাই তোলে ।
ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মাই ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বজাৰত সকলো বস্তুৰে মূ্ল্যবৃদ্ধি হৈছে (AJYCP protest against price hike)। এনে সময়তে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন সোধাই টোলকৰ বৃদ্ধি ,বিদ্যুৎ মাচুল,জীৱনদায়িনী ঔষধৰ মূল্য়বৃদ্ধি কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি চৰকাৰক সঁকীয়াই দিয়ে ৷
চৰকৰে যদি অতি সোনকালে এই সিদ্ধান্ত বাতিল নকৰে তেনেহ'লে ৰাজপথত আন্দোলন কৰাৰো ভাবুকি দিয়ে ছাত্ৰ নেতাগৰাকীয়ে ৷ ইয়াৰ পিছতে এই নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি অতি শীঘ্ৰে ৰোধ কৰাৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতৰ জড়িয়তে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ নেতাসকলে ।
লগতে পঢ়ক:Illegal coal mining in Assam:চৰকাৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যত অবৈধ কয়লা খনন: লুৰিণজ্যোতি