ধেমাজি, 4 মে’: বুধবাৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ত সংঘটিত হোৱা ব্যাপক অনিয়মৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঘটনা অনুসৰি, ধেমাজি অসামৰিক চিকিৎসালয়ত 2011 চনত স্বাস্থ্য বিভাগে ৰোগীৰ স্বাস্থ্যৰ আভ্যন্তৰীণ পৰীক্ষা কৰাৰ বাবে অতিকৈ প্ৰয়োজনীয় LAPAROSCOPY যন্ত্ৰ এটা প্ৰদান কৰিছিল ৷
পৰিতাপৰ বিষয় যে, এই যন্ত্ৰটোৰে ৰোগীসকলক কিছুদিন চিকিৎসা কৰা হৈছিল যদিও দীৰ্ঘদিনধৰি এই সেৱাৰ পৰা বঞ্চিত হৈ আছে ধেমাজিবাসী ৷ তাৰ পাছতে ৰোগীৰ বাবে অতি প্ৰয়োজনীয় যন্ত্ৰটোৰ পৰা কি কাৰণে সেৱা লাভ কৰা নাই তাৰ এক অনুসন্ধান কৰে জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ একাংশ কৰ্মীয়ে ৷
এই ঘটনাৰ কাৰণ সন্দৰ্ভত জাতীয়তাবাদী যুৱ পৰিষদে ধেমাজিৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ পৰা উত্তৰ বিচৰাত ৰহস্যজনকভাৱে বিষয়াগৰাকীয়ে মৌনতা অৱলম্বন কৰে ৷
লগে লগে জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ অনুসন্ধান কৰি 22 লাখ টকীয়া যন্ত্ৰটো ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা কেতিয়াবাই অন্তৰ্ধান হৈছে বুলি জানিব পাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ধেমাজি যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত বিষয়াগৰাকীৰ প্ৰতিকৃতি দাহ কৰি (AJYCP burnt an effigy of Joint Director of Health services) বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তপ্ত তোলে প্ৰতিবাদকাৰী দলটোৱে ৷
ইপিনে জাতীয়তাবাদী যুৱ পৰিষদে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি ৰহস্যজনকভাৱে নোহোৱা হোৱা এই চিকিৎসা যন্ত্ৰটো উদ্ধাৰ কৰিবলৈ সকীয়নি প্ৰদান কৰে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ