জোনাই, 29 নৱেম্বৰ: বৃহৎ নদীবান্ধ বন্ধৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ সোমবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থিত সভাকক্ষত উপস্থিত হৈ কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে সংবাদমেল যোগে 6 মাহৰ ভিতৰত NHPC ৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰিব বুলি মন্তব্য কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে আশ্চৰ্য প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷
এই সন্দৰ্ভত জিলা সভাপতি জ্ঞান শৰ্মাই কয়, "গেৰুকামুখত NHPC ৰ দ্বাৰা নিৰ্মান কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ আৰম্ভণিৰে পৰা পৰিষদে বিৰোধিতা জনায় আহিছে আৰু এই বৃহৎ নদীবান্ধ বন্ধৰ দাবীত প্ৰতিবাদী আন্দোলন অব্যাহত ৰাখিছে ৷ কাৰণ অসমৰ সীমান্তত চুবুৰীয়া অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা এই নদী বান্ধে উত্তৰ অসমৰ বিশেষকৈ ধেমাজি, লখিমপুৰ, মাজুলী জিলাৰ লাখ লাখ মানুহৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব ৷ এক কথাত এই নদীবান্ধ উত্তৰ অসমৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ বাবে মৃত্যদূত স্বৰূপ | নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ দিনৰে পৰা অসমৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনে এই বৃহৎ নদীবান্ধ বন্ধৰ দাবী জনাই আহিছে ৷ সমগ্ৰ বিষয়টোৱে গ্ৰীণ ট্ৰাইবুনেল, আদালত আদিৰ মজিয়া পাইছে | বহুবাৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনকাৰী, চৰকাৰ আৰু NHPC কৰ্তৃপক্ষৰ মাজত আলোচনা হৈছে আৰু বিভিন্ন চুক্তি স্বাক্ষৰিত হৈছে ৷"
শৰ্মাই পুনৰ কয়, "ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অৰুণাচলৰ প্ৰকৃতি প্ৰেমী সংগঠন, ৱেলফেয়াৰ ছ'চাইটি, চিয়াং ইণ্ডিজিনিয়াচ ফাৰ্মাৰ ফ’ৰামৰ সৈতে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত মিলি ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীত ছহেজাৰ আৰু চাৰি হেজাৰ মুঠ দহ হাজাৰ মেগাৱট বিদ্যুত উৎপাদনক্ষম দুটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে উজনি চিয়াঙৰ দিতে-দিমে এলেকাত জৰীপ চলাবলৈ তৎপৰ হৈ পৰিছে । ইপিনে লৱাৰ ডিবাং জিলাৰ ডিবাং নদীত 2,880 মেগাৱট বিদ্যুত উৎপাদনক্ষম আন এক বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে এন এইছ পি চিয়ে ব্যাপক তৎপৰতাৰে কাম আৰম্ভ সন্দৰ্ভত ইতিমধ্যে আলোচনাত মিলিত হয় ৷ কিন্তু সকলো ধৰণৰ চুক্তি, ন্যায়ালয়ৰ নিৰ্দেশনা, বিশেষজ্ঞ সমিতি আদিৰ প্ৰতিবেদনক নস্যাৎ কৰি লগতে অসমৰ ৰাইজৰ আৱেগক ভৰিৰে মোহাৰি NHPC য়ে বিভিন্ন কৌশলৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত বান্ধ নিৰ্মাণ কৰি গৈছে ৷"
"বিগত প্ৰায় দুটা বছৰে ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত হোৱা লকডাউনৰ ফলত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কিছু স্তিমিত হোৱাৰ সুযোগত অতি গোপনে ক্ষীপ্ৰতাৰে নিৰ্মাণৰ কাম কৰি সম্প্ৰতি প্ৰায় 70% কাম সম্পূৰ্ণ কৰিছে বুলিও সমিতিয়ে সংবাদমেলত উল্লেখ কৰে ৷ শেহতীয়াভাৱে বাৰিষাৰ ফলত জলস্তৰ বৃদ্ধি হৈ বান্ধৰ দুফুট ওপৰেদি পানী বৈ যোৱাৰ লগতে বান্ধৰ সুৰক্ষা দেৱাল আংশিকভাৱে খহাৰ লগতে টানেল ভাঙি গৈছে বুলিও সংবাদমেলত সদৰী কৰে জিলা সমিতিয়ে ৷
এই সমগ্ৰ বিষয়টো NHPC এ গোপন ৰাখিছে বুলি উল্লেখ কৰি শৰ্মাই কয়, "বৰ্তমান NHPC ৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ চৰম সংকটত আছে আৰু যিকোনো মূহুৰ্ততে নামনিত থকা অসমৰ ৰাইজৰ বাবে কাল ধুমুহা হৈ নামি অহাৰ আশংকা প্ৰৱল হৈ পৰিছে ৷" অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে NHPC প্ৰকল্পৰ নামনিত থকা অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত এই বান্ধ নিৰ্মাণৰ পৰা বিৰত থকাৰ দাবী জনায় চৰকাৰক ৷ অন্যথা বৃহৎ গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক: শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ; কেন্দ্ৰীয় শক্তিমন্ত্ৰী