জোনাই, 22 জুন : ৰাজ্যত বানৰ সংহাৰৰ (Assam Flood 2022) মাজতেই ধেমাজি জিলাৰ জোনাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ২০ সংখ্যক দ্বি-বাৰ্ষিক জোনাই অধিৱেশন অনুষ্ঠিত কৰা হৈছে (AJYCP 20th Bi Annual Jonai Session) ৷ বুধবাৰে জোনাই গান্ধী খেলপথাৰত দিনৰ 11 বজাত মাংগলিক পৰম্পৰাৰ ৰীতি-নীতি গায়ন-বায়ন আৰু মিচিং গোমৰাগ নৃত্যৰ মাজেৰে অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয় ৷
জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱই এই কাৰ্যসূচীত লাইখুটা স্থাপন কাৰ্য সম্পন্ন কৰে (Laid foundation stone of 20th Bi Annual Jonai Session) ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মাই এই অনুষ্ঠানৰ আঁত ধৰে ৷
আগন্তুক দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ২০ সংখ্যক অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জাতি-ধৰ্ম, ভাষা-বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে বিষয়ববীয়াসকলে ৷
এই লাইখুটা স্থাপন অনুষ্ঠানত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মা, সম্পাদক বিষ্ণু শৰ্মা, ধেমাজি জিলা সমিতিৰ যুটীয়া সম্পাদক ৰঞ্জন বৰা মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা সুখলতা ফুকন গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা অধিবেশনৰ উদযাপন সমিতিৰ সম্পাদক নীল গগৈ, বিত্ত সম্পাদক সঞ্জীৱ দাস, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা, সম্পাদক ৰত্নেশ্বৰ মিৰিৰ লগতে গোগামুখ, বৰদলনি, ধেমাজি, চিচিবৰগাঁও, চিমেন চাপৰি, চিলাপথাৰ, জোনাই আঞ্চলিকৰ শতাধিক কাৰ্যকৰ্তা, জোনাইৰ বিভিন্ন জাতীয় দল সংগঠন আৰু অঞ্চলটোৰ বহু গণ্য মান্য লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: ঐতিহ্যমণ্ডিত জোনাই প্ৰেছ ক্লাৱৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন