ETV Bharat / state

বৃহত্তৰ আহোম শক্তি একত্ৰিত কৰাৰ প্ৰয়াস কৰিব আহোম জাতীয় অভিৱৰ্তনে

author img

By

Published : Aug 31, 2020, 6:27 AM IST

অহা ২ ডিচেম্বৰ ২০২০ ত অসম দিৱস আৰু 3 ডিচেম্বৰত চ্যুকাফা দিৱস এইবাৰ কেন্দ্ৰীয়ভাৱে গৌৰৱজ্বল আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত উদযাপন কৰিব ৷ ইয়াতে সকলো আহোম লোক ঐক্যবদ্ধ হ’ব ৷

ahom
ahom

ধেমাজি, 30 আগষ্ট : অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি বিভিন্ন ধৰ্মাৱলম্বী হৈ বিভক্ত হৈ থকৰ বৃহত্তৰ আহোম সকলক একত্ৰিত কৰি নতুন আহোম শক্তি সৃষ্টি কৰিব ৷ এই মন্তব্য আহোম জাতীয় অভিৱৰ্তন উদযাপন সমিতিৰ মুখ্য সম্পাদক বিজয় ৰাজকোঁৱৰৰ ৷ দেওবাৰে আবেলি ধেমাজি মৌ মাৰী উদ্যানৰ গৃহত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে ৷ তেওঁ লগতে আৰু কয় যে, অহা ২ ডিচেম্বৰ ২০২০ ত অসম দিৱস আৰু 3 ডিচেম্বৰত চ্যুকাফা দিৱস এইবাৰ কেন্দ্ৰীয়ভাৱে গৌৰৱজ্বল আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত উদযাপন কৰিব ৷ ইয়াতে সকলো আহোম লোক ঐক্যবদ্ধ হ’ব ৷

বৃহত্তৰ আহোম শক্তি একত্ৰিত কৰাৰ প্ৰয়াস কৰিব আহোম জাতীয় অভিৱৰ্তনে

উল্লেখ্য যে, চৰাইদেউত এইবাৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া আহোম জাতীয় অভিৱৰ্তন আৰু কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ বাবে উদযাপন সমিতিয়ো গঠন কৰা হৈছে ৷ ধেমাজিৰ জয়ন্ত দিহিঙীয়াক উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আৰু শিৱসাগৰৰ বিজয় ৰাজকোৱঁৰক মুখ্য সম্পাদকৰ দায়িত্ব ভাৰ অৰ্পন কৰিছে ৷

এই অভিৱৰ্তনৰ জৰিয়তে বৃহত্তৰ আহোম শক্তি প্ৰথমতে একত্ৰিত কৰাৰ লগতে সমগ্ৰ অসমীয়া জাতিটো একতাৰ ডোলেৰে বান্ধিবলৈ প্ৰয়াস কৰিব বুলি সংবাদমেলত বক্তব্য আগবঢ়াই কেইবাজনো বিষয় ববীয়াই ৷

লগতে পঢ়ক : ধিঙৰ ৰাণীটাপু চৰত ভূমি বিবাদত 7 জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.