ETV Bharat / state

ADDSU laid foundation stone : সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

author img

By

Published : Oct 31, 2022, 12:39 PM IST

অহা নৱেম্বৰ মাহৰ ১১ আৰু ১২ তাৰিখে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশন (10th Annual Convention of ADDSU) ৷ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক ধেমাজি অধিৱেশনৰ লাইখুটা দেওবাৰে গায়ন বায়নেৰে আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় (ADDSU laid foundation stone of 10th Annual Conference) ।

ADDSU laid foundation stone of 10th Annual Conference in Dhemaji
সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ দশম বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

ধেমাজি, 31 অক্টোবৰ: ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত ধেমাজি মহকুমা ছাত্ৰ সন্থা আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত অহা নৱেম্বৰ মাহৰ ১১ আৰু ১২ তাৰিখে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক অধিৱেশন (10th Annual Convention of ADDSU) ৷ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক ধেমাজি অধিৱেশনৰ লাইখুটা দেওবাৰে গায়ন বায়নেৰে আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় (ADDSU laid foundation stone of 10th Annual Conference) ।

লাইখুটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ দিপক কুমাৰ নেওঁগ, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মন্টুৰাজ বৰুৱা, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক বৰগোঁহাই, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক দিব‍্য দত্ত, গোগামুখ মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত কাকতি আৰু ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক ৰঞ্জিত চিৰিং ৷

লগতে পঢ়ক: টীয়কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ লাইখুটা স্থাপন

লগত প্ৰাক্তন ছাত্ৰ নেতা মুহি বৰগোঁহাই, ডিম্বেশ্বৰ গগৈ, ৰঞ্জিত শইকীয়া, মনোজ বুঢাগোঁহাই, ধেমাজি লায়ঞ্চ ক্লাৱৰ সভানেত্ৰী পল্লৱী তামুলী কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী দুৱৰা, সম্পাদক জিতু শইকীয়া, ধেমাজি জিলা মাৰোৱাৰী যুৱ মঞ্চৰ সম্পাদক হিৰেশ আগৰৱালাৰ লগতে বহু সংখ্যক প্ৰাক্তন ছাত্র নেতা, ধেমাজি আৰু জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে অন্যান্য সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈ আৰু অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোঁহাইয়ে অধিৱেশনৰ সকলো কাৰ্যসূচীত সমূহ ৰাইজৰ সহায়-সহযোগিতা তথা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছে (All Dhemaji District Students Union) ।

লগতে পঢ়ক: জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বি-বাৰ্ষিক জোনাই অধিৱেশনৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.