ETV Bharat / state

নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ষাঠিৰোৰ্ধৰ ব্যক্তি

author img

By

Published : Jul 19, 2020, 11:08 AM IST

পুনৰ নাবালিকা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে ধেমাজিৰ জামুগুৰি পাঁচআলিত শান্তিপুৰ নেপালী গাঁৱত ৷ এগৰাকী ন বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী প্ৰায় 60 বছৰীয়া লোকক ৷

Accused of minor rape case arrested by dhemaji police assam etv bharat news
নাবালিকা ধৰ্ষণ

ধেমাজি,19 জুলাই: ধেমাজিত সংঘটিত হৈছে নাবালিকা ধৰ্ষণৰ দৰে জঘন্য ঘটনা ৷ এগৰাকী ন বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী প্ৰায় 60 বছৰীয়া লোকক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ সদৰ থানাৰ অন্তৰ্গত জামুগুৰি পাঁচআলিৰ শান্তিপুৰ নেপালী গাঁৱত ৷ পিতৃ-মাতৃহীন এগৰাকী নাবালিকাই দীৰ্ঘদিনৰ পৰা ককাক আইতাকৰ লগত বাস কৰি আহিছিল ৷ নাবালিকাগৰাকীয়ে একেখন গাঁৱৰে লালবাহাদুৰ ছেত্ৰী নামৰ ব্যক্তিগৰাকীৰ ঘৰলৈ বিগত 16 জুলাইত কঠিয়া ৰুৱাৰ উদ্দেশ্যে যায় ৷ কিন্তু কাম সমাপ্ত নোহোৱাত উক্ত ব্যক্তিগৰাকীৰ ঘৰতে নৈশযাপন কৰিবলগীয়া হয় ভুক্তভোগীয়ে ৷ আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি ব্যক্তিগৰাকীয়ে নাবালিকাগৰাকীক যৌন নিৰ্যাতন চলাই বুলি অভিযোগ উত্থাপন কৰিছে নাবালিকাৰ পৰিয়ালে ৷ উক্ত ঘটনাৰ পিছদিনা নাবালিকাগৰাকীয়ে পৰিয়ালক সকলো অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ততালিকে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষাৰ বাবে নাবালিকাগৰাকীক নিয়া হয় যদিও কৰ্তৃপক্ষই ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ পৰামৰ্শ প্ৰদান কৰে ৷

নাবালিকা ধৰ্ষণৰ ঘটনা সংঘটিত

পৰৱৰ্তী সময়ত অৰ্থাৎ 17 জুলাইত গাঁৱবাসীয়ে ৰাইজমেল অনুষ্ঠিত কৰি ঘটনাৰ বিচাৰ চলোৱাৰ চেষ্টা কৰে যদিও অভিযুক্ত ব্যক্তিগৰাকীয়ে খুকুৰিৰে আক্ৰমণ কৰি আহত কৰে কেইবাজনো লোকক ৷ উপায়ন্তৰ গাঁৱৱাসীয়ে অৱশেষত অভিযুক্তক স্থানীয় আৰক্ষীক গটাই দিয়ে ৷ ইতিমধ্যে ধেমাজি আৰক্ষী থানাত ৰুজু হোৱা 292/2020 নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 326 আৰ ডব্লিউ পক্স’ আইনৰ 4 নং ধাৰাৰ অধীনত
অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে চাওকঃ 22 জুলাইৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.