ETV Bharat / state

ধেমাজি ৰে’লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাবে ষ্ট’পেজৰ দাবী জিলা আছুৰ

author img

By

Published : Oct 12, 2020, 8:06 PM IST

সোমবাৰে নিশা বহু প্ৰত্যাশিত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ ধেমাজি ৰে’লৱে ষ্টেচনৰ মাজেৰে প্ৰথমবাৰৰ বাবে অতিক্ৰম কৰিব ৷ কিন্তু ডিব্ৰুগড়ৰ পৰা যাত্রা আৰম্ভ কৰিবলগীয়া ৰে’লখনৰ ধেমাজি জিলাত কোনো ষ্ট’পেজ নথকাত শীঘ্ৰেই ষ্ট’পেজৰ ব্যৱস্থা কৰিবলৈ ৰে’লৱে কৰ্তৃপক্ষক দাবী জনাইছে জিলা আছুৱে ৷

AASU Stopage demand for Rajdhani Express in Dhemaji Railway Station
ধেমাজি ৰে’লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাবে ষ্ট’পেজৰ দাবী

ধেমাজি,12 অক্টোবৰ: সপ্তাহত দুদিন ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ ধেমাজি জিলাৰ মাজেৰে দিল্লীলৈ চলিব দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ ৷ বহু প্ৰত্যাশিত এক্সপ্ৰেছখন সোমবাৰে নিশা ধেমাজি ৰে’লৱে ষ্টেচনৰ মাজেৰে প্ৰথমবাৰৰ বাবে অতিক্ৰম কৰিব ৷ এই ৰাজধানী ৰে’লক আদৰণি জনাইছে ধেমাজিৰ বিভিন্ন দল-সংগঠনে ৷

এইক্ষেত্ৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই কয় যে,বগীবিল দলং হোৱাৰ পৰাই ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত এখন ৰাজধানী এক্সপ্ৰেছ ৰে’ল চলোৱাৰ দাবী উত্থাপন কৰি আহিছিল ধেমাজি আছু তথা ধেমাজিবাসী ৰাইজে । অৱশেষত ছাত্র সন্থা তথা ৰাইজৰ বাৰম্বাৰ দাবীৰ প্ৰতি সহাৰি জনাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই সোমবাৰৰ পৰা ৰাজধানী এক্সপ্ৰেছ চলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক আদৰণি জনাইছে আছুৱে ।

কিন্তু ডিব্ৰুগড়ৰ পৰা যাত্রা আৰম্ভ কৰিবলগীয়া ৰে’লখনৰ ধেমাজি জিলাত কোনো ষ্ট’পেজ নাই । ধেমাজি জিলাৰ সদৰ হিচাপে তথা ঢকুৱাখানা মহকুমা আৰু ইয়াৰ দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশৰ যাত্রীসকলৰ সুবিধাৰ্থে জিলা সদৰত ৰাজধানী এক্সপ্ৰেছৰ ষ্ট’পেজৰ ব্যৱস্থা কৰিবলৈ আছুৱে দাবী জনাইছে ।

জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাই জিলাৰ ৰাইজৰ তথা দিল্লীত অধ্যয়নৰত আৰু কৰ্মৰত ছাত্র-ছাত্রীসকলৰ যাতায়াতৰ সুবিধাৰ্থে শীঘ্ৰেই ধেমাজি সদৰত ষ্ট’পেজ দিয়াৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষক দাবী জনাইছে ৷ লগতে জিলাখনৰ প্ৰতিটো ৰে’লৱে ক্ৰচিঙত পৰ্যাপ্ত পৰিমাণে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আছুৱে ৷

লগতে পঢ়ক: বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দল অংশীদাৰ হ'ব: ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.