ধেমাজি , 28 মে' : অসম অৰুণাচল সীমান্তত নিৰ্মীয়মান হৈ থকা 2000 মেগাৱাট ক্ষমতাসম্পন্ন বহু বিৰ্তকিত ধেমাজি জিলাৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পথলী বৃহস্পতিবাৰে পৰিদৰ্শন কৰে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । যোৱা কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ সন্মুখৰ পাহাৰৰ গাৰ্ড ৱাল অতি ভয়ংকৰভাৱে ভূমিস্খলনৰ ফলত খহি যায় । বাৰিষাৰ আৰম্ভণিতে এইদৰে গাৰ্ড ৱাল পাহাৰত হোৱা ভূমিস্খলনক চিন্তিত হৈ পৰিছে দল-সংগঠন তথা সচেতন ৰাইজ ।
আজি দিনৰ ভাগত লুৰিণজ্যোতিৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আছুৰ প্ৰতিনিধি দল ৷ পৰিদৰ্শন অন্তত আছুৰ নেতাগৰাকীয়ে কয় যে NHPC কৰ্তৃপক্ষই অত্যাধুনিক প্ৰযুক্তিৰে বান্ধ নিৰ্মাণ কৰিছে বুলি কোৱা সত্বেও চাৰিদিন বৰষুণ দিওতে কিয় খহিল গাৰ্ডৱাল ? পাহাৰ আৰু নদীৰ বিষয়ে কোনো অধ্যয়ন নকৰাকৈ নিজৰ মইমতালিৰে কৰা বাবে এই গতি হৈছে । উচ্চতম ন্যায়ালয়ে বা সেউজ ন্যায়াধীকৰণেও এই কথা কৈছে যে নদী বান্ধৰ কাম আৰম্ভ কৰিবলৈ হ'লে বান্ধটোৰ আশে-পাশে থকা ৰাইজ তথা অসমৰ ৰাইজৰ লগত আলোচনা কৰিব লাগিব । এই বিষয়ে এক শুনানি হ'ব লাগে যদিও আজিলৈকে আলোচনা কৰা নাই । NHPCৰ কৰ্তৃপক্ষই এই বিষয়ে ছাত্ৰ সন্থাৰ লগতো কেতিয়াও আলোচনা কৰা নাই । আজিলৈকে এখনো পত্ৰ দিয়া নাই । যেতিয়ালৈকে আলোচনা নহ'ব, শুনানি নহ'ব তেতিয়ালৈকে মূল নদীবান্ধৰ কাম বন্ধ ৰাখিবলৈ NHPCৰ কৰ্তৃপক্ষক দাবী জনাইছো আৰু এইক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰকো শক্তিশালী ভূমিকা ল'বৰ বাবে দাবী জনাইছো বুলি কয় লুৰিণজ্যোতিয়ে ।
লগতে পঢ়কঃ কিমান সুৰক্ষিত গেৰুকামুখৰ প্ৰস্তাৱিত নদীবান্ধ !