ETV Bharat / state

AASU cycle rally : মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আছুৰ চাইকেল ৰেলী

author img

By

Published : Jun 24, 2023, 8:07 PM IST

চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৱে শনিবাৰে চাইকেল ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইয়াৰ সমান্তৰালকে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাই শনিবাৰে 12 বজাত চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে।

AASU cycle rally in Biswanath and Dhemaji
মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আছুৰ চাইকেল ৰেলী

বিশ্বনাথ/ধেমাজি, 24 জুন : অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৱে শনিবাৰে চাইকেল ৰেলীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ইয়াৰ সমান্তৰালকে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাই শনিবাৰে 12 বজাত চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে। এই চাইকেল ৰেলী কাৰ্যসূচীত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, উপ সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমাৰ সভাপতি সুৰজ ভূঞা, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্যজিৎ শইকীয়া, লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে পাঁচ শতাধিক বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

বিশ্বনাথ নগৰস্থিত আছু শ্বহীদ ভৱন সন্মুখৰ পৰা নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি মহাবিদ্যালয়ৰ সন্মুখেৰে সমগ্ৰ বিশ্বনাথ নগৰত প্ৰতিবাদী চাইকেল ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে, চাইকেল ৰেলী সম্পন্ন কৰি অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ কৰি পুনৰ ভৱনত উপস্থিত হয় ৷

প্ৰতিবাদকাৰী সকলে চাইকেল ৰেলী সম্পন্ন কৰি কি ৰাজ্য চৰকাৰ,শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে নিজস্বঃ একো সিদ্ধান্ত ল'ব নোৱাৰে বুলি কটাক্ষ কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰী ৰণোজ পেগুক অতি সোনকালে পদত্যাগ কৰিবলৈ দাবী জনায় ৷

আনহাতে ধেমাজি জিলাতো চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাই চাইকেল ৰেলী উলিয়াই ৷ শতাধিক প্ৰতিবাদীয়ে সমগ্ৰ নগৰৰ মাজেৰে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদত অংশ লৈ জিলা ছাত্ৰ সন্থাৰ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে চৰকৰক মাতৃভাষা ধবংস যজ্ঞ আৰম্ভ কৰা হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: Cyber Criminal Arrested: চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.