ETV Bharat / state

AASU react over NHPC : চৰকাৰে বিজ্ঞানৰ সত্যতাৰ সন্মুখীন হ'বলৈ সাহস গোটাওক : সমুজ্জল - AASU Advisor Samujjal Kumar Bhattacharya

কিয় হঠাৎ স্তব্ধ হৈ পৰিল সোৱণশিৰি নদীৰ গতি ? পলকতে শুকাই গ'ল নদীৰ বক্ষ ৷ বিশেষজ্ঞৰ প্ৰতিবেদনত ভূ-কম্পন এলেকাত বৃহৎ বান্ধৰ ভয়াৱহতা তথা নামনিৰ ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা সু নিশ্চিত নকৰাকৈ জাতীয় দল-সংগঠনৰ হাজাৰ প্ৰতিবাদকো নেওচা দি এনএইচপিচি কৰ্তৃপক্ষই নিৰ্মাণ অব্যাহত ৰখা গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে পুনৰ ঘটিল অঘটন ।

AASU Advisor Samujjal Kumar Bhattacharya
আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 7:52 PM IST

আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

জোনাই, ২৮ অক্টোবৰঃ "আছু কেতিয়াও উন্নয়ন বিৰোধী নহয়,উন্নয়নৰ বাবে বিদ্যুৎ লাগে । ছাত্ৰ সন্থাই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গ্ৰহণ কৰা আন্দোলনৰ কৰ্যসূচী বন্ধ কৰা নাই আৰু ইয়াৰ পৰা অলপো লৰচৰ হোৱা নাই ।" টিএমপিকেৰ উদ্যোগত জোনাইত আয়োজন কৰা মিছিং অলিম্পিকত অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

তেওঁ পুনৰ কয় যে কেৱল নামনি সোৱণশিৰি প্ৰকল্পই নহয়, দিবাং লৱাৰ ডেমৱে তথা অৰুণাচল প্ৰদেশৰ ১৬৫ টা প্ৰস্তাৱিত প্ৰতিটো নদীবান্ধৰ পৰা অসমৰ নামনি অংশত পেলাব পৰা প্ৰভাৱ সম্পৰ্কত আমি অধ্যয়ন বিচাৰিছো । কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু আছুৰ নেতৃত্বত ত্ৰিশটা সংগঠনে বৃহৎ নদীবান্ধৰ ভয়াৱহতা আৰু নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে বহা ত্ৰি-পাক্ষিক বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ সকলৰ প্ৰতিবেদনৰ আধাৰত বিষয়টো মীমাংসা কৰিবলৈ দাবী জনোৱা হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ বিশেষজ্ঞ সকলৰ প্ৰতিবেদনত গুৰুত্ব আৰোপ কৰা দেখা গৈছে ।

কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানৰ যুক্তি আৰু সত্যৰ সন্মুখীন হ'বলৈ সাহস গোটাওক বুলি উল্লেখ কৰি তেওঁ কয় যে বিশেষজ্ঞ সকলে এতিয়া কেৱল নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্ৰকল্পৰ কথাহে কৈছে । এটা বান্ধ সম্পৰ্কত অসমৰ বিশেষজ্ঞ সমিতিয়ে কোৱা বিজ্ঞানসন্মত যুক্তিবোৰ আমি দেখিছো । এতিয়া দিবাং বান্ধ সম্পৰ্কত সেই অঞ্চলৰ নামনি অংশত থকা অসমৰ ৰাইজৰ মাজত লোক শুনানি হোৱা নাই, লৱাৰ ডেমৱে সম্পৰ্কত লোক শুনানি হোৱা নাই । ৰাইজৰ মাজত মতামত গ্ৰহণ কৰিব লাগিব । অন্যথা সেয়া অগণতান্ত্ৰিক আৰু অবিজ্ঞানসন্মতভাৱে আগবাঢ়ি যোৱাটো কিমান যুক্তি সংগত হ'ব । এতিয়া বৃহৎ নদীবান্ধ কিয় বেয়া, সেয়া ৰাইজে দেখি আছে । কুৰিশ্ব' নদীবান্ধৰ পানীয়ে ভূটান আৰু নামনি অসমৰ জিলা কেইখনত কি অৱস্থাৰ সৃষ্টি সেয়া দেখি আছে । মুঠতে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব বুলি কয় ।

লগতে পঢ়ক:Missing case in Tinsukia: ডুমডুমাত পাঁচ দিনে সন্ধানহীন শিশু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.