ETV Bharat / state

ধেমাজিত আছুৰ 30 ঘন্টীয়া গণ অনশনৰ সামৰণি

author img

By

Published : Feb 23, 2020, 9:35 PM IST

ধেমাজি জিলা ছাত্ৰ সন্থাৰ 30 ঘন্টীয়া ‘‘গণ অনশন’’ৰ সামৰণি ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে গণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনশনৰত আছু কৰ্মীসকলক ফলৰ ৰস আৰু ক্ষীৰ খুৱাই গণ অনশন ভংগ কৰে ৷

AASU ,AASU 30 Hours Hunger Strike Over at Dhemaji,আছুৰ 30 ঘন্টীয়া গণ অনশনৰ সামৰণি
ধেমাজিত আছুৰ 30 ঘন্টীয়া গণ অনশনৰ সামৰণি

ধেমাজি, 23 ফেব্ৰুৱাৰী : অন্ত পৰিল ধেমাজি জিলা ছাত্ৰ সন্থাৰ 30 ঘন্টীয়া ‘‘গণ অনশন’’ ৷ শনিবাৰে পুৱা 4 বজাৰ পৰা আৰম্ভ কৰা এই গণ অনশনৰ সামৰণি পৰে দেওবাৰে দুপৰীয়া 2 বজাত ৷

নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত কৰিছিল এই 30 ঘন্টীয়া ‘‘গণ অনশন’’ কাৰ্যসূচী ৷ অনশনথলীত নাম প্ৰসংগ, নাগাৰা নাম আদিও পৰিৱেশন কৰা হৈছিল ।

দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে গণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনশনৰত আছু কৰ্মীসকলক ফলৰ ৰস আৰু ক্ষীৰ খুৱাই গণ অনশন ভংগ কৰায় ।

আছুৰ 30 ঘন্টীয়া গণ অনশনৰ সামৰণি

প্ৰায় দুই শতাধিক আছুৰ কৰ্মীৰ লগতে ধেমাজিৰ সৰ্বস্তৰৰ বহু লোকে অংশগ্ৰহণ কৰা এই কা বিৰোধী কাৰ্যসূচীত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কা বাতিল নোহোৱা পৰ্যন্ত গণ সংগ্ৰাম চলি থাকিব বুলি উল্লেখ কৰে । পৰীক্ষাৰ শেষ হোৱাৰ পিছতেই সমগ্ৰ জিলাত পৰিকল্পিতভাৱে গণ ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলিও মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.