ETV Bharat / state

জোনাইত ডেৰমাহ ধৰি সন্ধানহীন এজন কিশোৰ

জোনাইত বিগত ডেৰমাহে সন্ধানহীন এটি কিশোৰ(Teenager missing from Jonai) ৷ চোৰৰ সন্দেহত গাঁৱৰে কেইজনমান যুৱকে ধৰি নি নিৰ্মমভাৱে মাৰধৰ কৰিছিল কৰিছিল কিশোৰটিক ৷ তাৰপাছৰে পৰা সন্ধানহীন হৈ আছে কিশোৰটি ৷

author img

By

Published : Aug 14, 2022, 2:25 PM IST

Teenager Missing From Jonai
জোনাইত ডেৰমাহে সন্ধানহীন কিশোৰ

জোনাই ১৪ আগষ্ট: জোনাইৰ ৩ নং ৰায়াং বালিজান গাঁৱৰ এটি কিশোৰ বিগত ডেৰমাহে সন্ধানহীন হৈ আছে (Teenager missing from Jonai) ৷ বৰ্তমানলৈ কিশোৰটিৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে পৰিয়ালটোৰ লগতে গাঁৱৰ ৰাইজ ৷ সন্ধানহীন কিশোৰটি ৰূপেশ্বৰ সোণোৱালৰ কিশোৰ পুত্ৰ গোপাল সোণোৱাল(১৩) বুলি জানিব পৰা হৈছে ৷ বিগত ৩০ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰটি ৷

বিগত ৩০ জুনত একেখন গাঁৱৰে নিবাসী চতোৰ ভাই গুৰুং আৰু কামি ৰায় নামৰ লোক দুজন পুৱা ৬ বজাত আহি গোপাল সোণোৱালক(১৩) চোৰৰ সন্দেহত শোৱাপাটীৰ পৰাই উঠাই লৈ যায় (Jonai teenager missing) । ইয়াৰ পাছত কিশোৰটিক গাঁৱৰ চাৰিআলিত ৰচীৰে বান্ধি গুৰুতৰভাৱে মাৰধৰ কৰে ৷ উক্ত ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে কিশোৰটি । পৰিয়াৰ তথা গাঁৱৰ মানুহে কিশোৰটিৰ বহু বিচাৰ-খোচাৰ কৰিও আজি পৰ্যন্ত কোনো ধৰণৰ শুংসূত্ৰ নোপোৱাত হতাশ হৈ পৰিছে ৷

জোনাইত ডেৰমাহে সন্ধানহীন কিশোৰ

ইফালে কিশোৰটিক অপহৰণৰ সন্দেহত কিশোৰটিৰ পৰিয়ালৰ লোকে ৬ জুলাইত জোনাই আৰক্ষী থানাত একেখন গাঁৱৰে চতোৰ ভাই গুৰুং, কামি ৰায় আৰু তিলক চেত্ৰীৰ ওপৰত এজাহাৰ দাখিল কৰিছে ৷ কোনো সদাশয়‌ ব্যক্তিয়ে কিশোৰটিৰ সন্ধান পালে পৰিয়াল তথা জোনাই আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে । লগতে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে কিশোৰটিক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ডিফুত মছজিদ সমতিৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.