ETV Bharat / state

CM felicitation letter: ধেমাজিত মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰৰ পৰা উপেক্ষিত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:47 AM IST

শিক্ষামন্ত্ৰীৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰৰ পৰা উপেক্ষিত এগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী ৷ ধেমাজি নগৰৰ 3 নং বাৰ্ডৰ বাসিন্দা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিয়াৱালা বৰুৱাক সংশ্লিষ্ট বিভাগে অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষয়ত্ৰীগৰাকীৰ লগতে তেওঁৰ আত্মীয়ই ৷

Education department neglect a retired teacher
ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটাৰে পুৰস্কৃত
ৰাজ্যিক কৃতী শিক্ষক বঁটাৰে পুৰস্কৃত শিক্ষয়িত্ৰী অমিয়াৱালা বৰুৱা

ধেমাজি, 21 ছেপ্টেম্বৰ : শিক্ষামন্ত্ৰীৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰৰ পৰা উপেক্ষিত অৱসৰপ্ৰাপ্ত এগৰাকী কৃতী শিক্ষয়িত্ৰী ৷ তেওঁৰ নাম অমিয়াৱালা বৰুৱা ৷ ধেমাজিৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ধেমাজি নগৰৰ 3 নং বাৰ্ডৰ বাসিন্দা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিয়াৱালা বৰুৱাক সংশ্লিষ্ট বিভাগে অপমান কৰাৰ অভিযোগ উঠিছে ৷

পিচে কাৰ ভুলৰ বাবে এই স্বীকৃতিৰ পৰা তেওঁ বঞ্চিত হ’ল সেই সন্দৰ্ভত উত্থাপন হৈছে বহু প্ৰশ্নৰ ৷ জানিব পৰা মতে, 2006 চনতে ধেমাজি গাৰ্লছ স্কুলৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ লৈছিল তেওঁ ৷ অসম চৰকাৰৰ পৰা ধেমাজি জিলাৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী হিচাপে ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটাৰে পুৰস্কৃতও হৈছিল অমিয়াৱালা বৰুৱা ৷

এই বছৰ যোৱা 5 ছেপ্টেম্বৰত পালন কৰা শিক্ষক দিৱসত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপকসকলক পুনৰবাৰ সন্মান জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰিত কৰা প্ৰশংসা পত্ৰ প্ৰত্যেকখন জিলালৈ প্ৰেৰণ কৰিছিল ৷ লগতে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত জিলা প্ৰশাসনৰ বিষয়-ববীয়াসকলে ঘৰে ঘৰে গৈ সেই সম্বৰ্ধনাপত্ৰ প্ৰদান কৰিছিল ৷

পিচে পৰিতাপৰ বিষয় যে, ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটা লাভ কৰা সত্বেও মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰৰ পৰা বাদ পৰি ৰ’ল অমিয়াবালা বৰুৱা ৷ যেতিয়া অৱসৰ লোৱা আন শিক্ষয়িত্ৰীয়ে মুখ্যমন্ত্ৰীৰ প্ৰশংসা পত্ৰ পোৱা বুলি শুভেচ্ছা জনালে তেতিয়াহে তেওঁ এই বিষয়টো সন্দৰ্ভত জ্ঞাত হয় ।

চাওঁতে চাওঁতে 5 ছেপ্টেম্বৰৰ পৰা দিন বহু দিন পাৰ হ’ল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা পত্ৰখন আজিকোপতি নাপালে এইগৰাকী কৃতী শিক্ষয়িত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক শলাগ লৈছে যদিও ধেমাজি জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগে কৰা অৱহেলাত দুখিত হৈ পৰিছে শিক্ষয়িত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালটো ৷

ধেমাজি জিলা সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ চৰম দায়িত্বহীনতা আৰু অদূৰদৰ্শী মানসিকতা বাবেই মুখ্যমন্ত্ৰীৰ যোগাত্মক পদক্ষেপকো আওকাণ কৰি প্ৰস্তুত কৰা নিৰ্দিষ্ট তালিকাত অন্তভুক্ত নকৰি খোদ মুখ্যমন্ত্ৰীগৰাকীকে অপমান কৰা বুলি মন্তব্য কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে ৷

ইপিনে শিক্ষামন্ত্ৰীৰ সমষ্টিত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক এনেদৰে বঞ্চিত কৰা কাৰ্যই সমগ্ৰ শিক্ষক সমাজক অপমান কৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে তেওঁ ৷ সেয়ে ইয়াৰ এটা উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক : Himanta Biswa Sarma: দেশত সনাতন বিৰোধী পৰিৱেশ সৃষ্টি কৰাটো সম্পূৰ্ণ গান্ধী পৰিয়ালৰ ষড়যন্ত্ৰ; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.