ধেমাজি, 13 জুলাইঃ ধেমাজি চহৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগৰ কপাহতলী গাঁৱৰ এগৰাকী লোক । প্ৰতিকূল বতৰক নেওচি সাপ,বেং,মহৰ সৈতে চলি আহিছে তেওঁৰ সহাৱস্থান । তেওঁৰ বাসস্থান হিচাপে দীৰ্ঘদিনে পৰিগণিত হৈ আহিছে কপাহতলী গাঁৱৰ এখন পকী দলং । সেই দলং খনেই এতিয়া ঠিকনা ৰুবুল গগৈ নামৰ 50 ৰ উৰ্ধৰ লোকগৰাকীৰ । প্ৰায় 4 মাহ পূৰ্বে এগৰাকী কন্যা সন্তান,দুগৰাকী পুত্ৰ সন্তানেৰে ভৰা পৰিয়ালটোৰ পৰা আঁতৰি আহিছিল ৰুবুল গগৈ ।
পাৰিবাৰিক কন্দলৰ বাবে ঘৰৰ পৰা ওলাই আহি এগৰাকী লোকৰ ঘৰত থাকিছিল দিন হাজিৰা কৰা লোক হিচাপে । কিন্তু বিশেষ অসুবিধাৰ সন্মুখীন হৈ তেওঁ ওলাই আহে সেই ঘৰ খনৰ পৰাও । এতিয়াও কেতিয়াবা যদি আনৰ ঘৰত কাম কৰি এসাজ খায়, তেন্তে কাম নাপালে লঘোণেও কটাবলগীয়া হয় লোক গৰাকীয়ে ।
ৰুবুল গগৈয়ে সুন্দৰভাৱে সাজিব জানে বাঁহৰ বিবিধ সঁজুলি । বাঁহৰ পাচি, খৰাহী, বিভিন্ন মাছ ধৰা সঁজুলি সাজি লোকগৰাকীয়ে ভিন্ন সময়ত মুকলাইছে নিজৰ উপাৰ্জনৰ পথ । কিন্তু বান আৰু মাহামাৰীয়ে জুৰুলা কৰা সাম্প্ৰতিক পৰিস্থিতিত লোক জন সন্মুখীন হৈছে অভাৱৰ । কিয়নো এতিয়া বজাৰত অভাৱ তেওঁ প্ৰস্তুত কৰি উলিওৱা সঁজুলি ক্ৰয় কৰা লোকৰ । স্থানীয় লোকে ভিন্ন সময়ত সহায় কৰি আহিছে তেওঁক । তেওঁৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই তেওঁৰ বাবে এটি আশ্ৰয়স্থল সাজি দিয়াৰো মানস কৰিছে স্থানীয় একাংশ লোকে । উল্লেখ্য যে নিজৰ জীৱনত ভিন্ন জনৰ পৰা উপেক্ষিত হৈয়ো জীৱন যুঁজত হাৰ মনা নাই ৰুবুল দাসে । তেওঁৰ শাৰিৰীক মানসিক সুস্থতা সঁচাকৈয়ে প্ৰশংসনীয় ।
লগতে পঢ়কঃ চিৰাঙত নাঙলভাঙা নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ