ধেমাজি, 9 আগষ্ট: জোনাই ৰাজহ চক্ৰৰ কাৰ্যালয়ত কৰ্মৰত লক্ষী সন্দিকৈ নামৰ কনিষ্ঠ সহায়ক গৰাকীয়ে কাৰ্যালয়টোৰে কেইগৰাকীমান লোকৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ অভিযোগ ৷ ৰাজহ চক্ৰ বিষয়া মনোজ বৰুৱা, চকীদাৰ প্ৰেম বাহাদুৰ ছেত্ৰী, কাননগো মলাই সোণোৱাল আৰু দীনবন্ধু চুতীয়া নামৰ 4 গৰাকী লোকে লক্ষী সন্দিকৈ নামৰ লোক গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ তেওঁৰ সৈতে এনে ঘটনা সংঘটিত হৈছিল 2014 চনৰ 11 জুনতে ৷ সেই গোচৰ লৈ ভুক্তভোগী লোকগৰাকী কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ তাৰ পাচতেই উচ্চ ন্যায়ালয়ে লোকগৰাকীক এমাহৰ ভিতৰতে ধেমাজিলৈ বদলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু সেই নিৰ্দেশৰ পাচতো তেওঁ সেই বৰ্ষৰে 27 জুনত জোনাইত তেওঁৰ কামত যোগদান কৰিবলৈ গৈছিল ৷ সেই সময়ত পুনৰ মনোজ বৰুৱা নামৰ বিষয়া গৰাকীয়ে ভুক্তভোগী লোকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰি কাৰ্যালয়ৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ৷ এই ঘটনা সন্দৰ্ভত লোকগৰাকীয়ে জোনাই মহকুমাধিপতি আৰু ধেমাজি জিলা উপায়ুক্তক লিখিত অভিযোগনামা এখন দাখিল কৰিছিল ৷
কিন্তু তদানীন্তন মহকুমাধিপতি গৰাকীয়ে ভুক্তভোগী লোকগৰাকী কৰ্তব্যত অনুপস্থিত থকা বুলি কাৰণ দৰ্শাই, চৰকাৰী নিয়মৰ অধীনত তেওঁৰ দৰমহা কৰ্তন কৰে ৷ পুনৰ এবছৰ পাচতে তদানীন্তন উপায়ুক্ত গৰাকীয়েও লক্ষী সন্দিকৈ নামৰ লোকগৰাকীৰ দৰমহা কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰে ৷ এনেদৰে ধাৰাবাহিকভাৱে লোকগৰাকী সেই সময়ৰ পৰাই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৷ সংশ্লিষ্ট বিভাগৰ নিৰ্দেশক লৈ লোকগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে, আইনী নিয়ম ভংগ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ উচ্চ পদস্থ লোকৰ বিৰুদ্ধে ৷ লোকগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বঞ্চনাৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰি, তেওঁৰ প্ৰাপ্য মোকলাই নিদিলে পুনৰ নিজৰ পাপ্যৰ দাবীত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰে ৷ কিয়নো এনে কৰাৰ ফলত লোকগৰাকী মানসিকভাৱে যথেষ্ট ভাগি পৰিছে বুলিও জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷