ETV Bharat / state

Srimanta Sankaradeva Sangha session: জোনাইত পূৰ্ণগতিত চলিছে শংকৰ সংঘৰ অধিবেশনৰ প্ৰস্তুতি - জোনাই চিমেন চাপৰিৰ চেৰেন পথাৰ

জোনাই চিমেন চাপৰিৰ চেৰেন পথাৰত তিনিদিনীয় কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশন ৷ যুদ্ধকালীন তৎপৰতাৰে চলিছে অধিবেশনৰ প্ৰস্তুতি ৷ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব এই অধিবেশনখন ৷

92nd session of Srimanta Sankaradeva Sangha will be held in Jonai
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশন
author img

By

Published : Jan 30, 2023, 12:49 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশন

জোনাই, 30 জানুৱাৰী: অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ (Srimanta Sankaradeva Sangha)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য । সংঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শংকৰাব্দ নামৰ এটা দিনপঞ্জী আছে ।

গুৰুজনাই দেখুৱাই থৈ যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনখন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয় । এই অধিৱেশনত প্ৰতি বছৰে লাখ লাখ লোকৰ সমাগম হয় ।

অন্যবাৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন ৷ এইবাৰ ৯২ সংখ্যক অধিবেশন অনুষ্ঠিত হ’ব (92nd session of Srimanta Sankaradeva Sangha) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জোনাইতো অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন ৷ জোনাই চিমেন চাপৰিৰ চেৰেন পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশনৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷

লগতে পঢ়ক: Sankardev Sangha Conference : শংকৰদেৱ সংঘৰ ধেমাজি অধিৱেশনৰ গুৰুগৃহ উদ্বোধন

জোনাইৰ চিমেন চাপৰিৰ চেৰেন পথাৰত প্ৰায় ৩০০ বিঘা যুক্ত পৰমানন্দ আতা ক্ষেত্ৰত অহা ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশনখন ৷ ইতিমধ্যেই অধিবেশনখনৰ 60 শতাংশ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷

কেইবাটাও প্ৰতিনিধি শিবিৰ, ভোজনালয়, মঞ্চ আদি নিৰ্মাণৰ বাবে প্ৰতিদিনে শ শ ভকত বৈষ্ণৱ তথা ৰাইজে গোট খাই অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য । দৈনিক অগণন বৈষ্ণৱ ভকত উপস্থিত হৈ অধিবেশনস্থলীত হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলিছে অধিবেশনস্থলীৰ চৌহদ ৷ দেওবাৰে অধিবেশনস্থলীত প্ৰায় পাঁছখন জিলাৰ শ শ ভক্ত বৈঞ্চৱ উপস্থিত হৈ গৃহ নিৰ্মাণত ব্যস্ত হোৱাও পৰিলক্ষিত হয় ৷

চিমেন চাপৰিৰ চেৰেন পথাৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশনস্থলীত দেওবাৰে উপস্থিত হয় স্থানীয় বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱা ৷ বিধায়ক আৰু সাংসদগৰাকীয়ে সেই স্থানত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয় ৷

লগতে পঢ়ক: Women Bhaona in Assam: হিমসনা শীতত মহিলা ভাওনাৰ আমেজ ল'লে টিংখাঙৰ ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.