ETV Bharat / state

92nd Srimanta Sankardev Sangha annual conference: পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰলৈ ভকত বৈষ্ণৱৰ আগমন

author img

By

Published : Feb 9, 2023, 2:14 PM IST

কাইলৈৰ পৰা জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৯২ সংখ্যক শংকৰসংঘৰ অধিৱেশন আৰম্ভ হ'ব (Paramananda Ata Samanny Khetra )। উদুলি মুদুলি জোনাইৰ চেৰেণ পথাৰ । চেৰেণ পথাৰলৈ শ শ ভকত বৈষ্ণৱৰ আগমন ।

Session of Srimanta Shankar Sangha at Dhemaji
জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

জোনাই, ৯ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰিৰ চেৰেণ পথাৰত আজিৰে পৰা উদুলি মুদুলি এক পৰিৱেশে বিৰাজ কৰিছে ৷ দূৰ দূৰণিৰ পৰা শ শ ভকত বৈষ্ণৱৰ সমাগম আৰম্ভ হৈছে জোনাইৰ চেৰেণ পথাৰলৈ ৷ কাইলৈ অৰ্থাৎ ১০ ফেব্ৰুৱাৰীৰ পৰা জোনাইৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰম্ভ হ'ব (92nd Srimanta Sankardev Sangha annual conference)। প্ৰতিকূল বতৰকো নেওচি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনৰ বাবে আজিৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ চেৰেণ পথাৰলৈ সোঁত বৈছে ।

যোৱা দুদিনৰ পৰা বৰষুণে বিধি পথালি দিছিল যদিও নিৰ্মাণ হোৱা মূল তোৰণ, পতাকা বেদি, মূল মঞ্চ আদিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে আয়োজক সমিতি (Bhakat Vaishnaw flows to Jonai) ৷ সাজু হৈ উঠিছে ১০ হাজাৰ লোকে একে লগে খাব পৰা ভোজনালয়, তিনি শতাধিক চৌকা, ১০০ টা প্ৰতিনিধি শিৱিৰ, বিভিন্ন উপ সমিতিৰ কাৰ্যালয়, গ্ৰন্থমেলা আৰু বানিজ্য মেলা আদি । উল্লেখ্য় যে জোনাইৰ চিমেন চাপৰিৰ চেৰেণ পথাৰত ৩০০ বিঘা ভূমিৰ পৰমানন্দ আতা ক্ষেত্ৰত ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন ৷

কাৰ্যসূচী অনুসৰি অধিৱেশনৰ প্ৰথমদিনা পুৱা ৫ বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ কৰা হ'ব (92nd Session of Srimanta Shankar Sangha)। আয়োজক সমিতিয়ে উল্লেখ কৰা অনুসৰি পুৱা ৯ বজাত মূল তোৰণ উন্মোচন কৰা পিছতে নামঘৰৰ তোৰণ উন্মোচন কৰা হ'ব । তদুপৰি মূল মঞ্চৰ সন্মুখত দ্বিতীয় তোৰণ, আদৰণি সমিতিৰ কাৰ্যালয়ৰ তোৰণ, মূল কাৰ্যালয়ৰ তোৰণ, জিলা কাৰ্যালয়ৰ দ্বাৰ আদিও প্ৰথম দিনা মুকলি কৰা হ'ব । ইপিনে, দিনৰ ১-১৫ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ পৌৰোহিত্য়ত স্মৃতিগ্ৰন্থ "সুধাসিন্ধু" উন্মোচন কৰা হ'ব ।

আনহাতে, অহা ১১ ফেব্ৰুৱাৰীৰ পুৱা ১০-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন অনুষ্ঠিত হ'ব । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী । বিশেষ সন্মানিত অতিথিতি ৰূপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সন্মানীয় অতিথি হিচাপে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে আৰু বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই আদি উপস্থিত থাকিব ।

অন্তিম দিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই । পুৱা ১০ বজাত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব । পুৱা ১১-৩০ বজাত ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিতব্য় মুকলি সভাখন উদ্ধোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ বীৰেণ বৰাই । মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আদি উপস্থিত থাকিব ।

লগতে পঢ়ক:Devlal Garlosa Comments : দেৱলাল গাৰ্লোচাৰ সাম্প্ৰদায়িক মন্তব্যৰ প্ৰতিক্ৰিয়া তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.