ETV Bharat / state

574th Avirbhav tithi of Srimanta Sankardev: গুৰু বন্দনাৰে মুখৰিত জোনাই - Avirbhav tithi of Srimanta Sankardev

জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব মহোৎসৱ উদযাপন(574th Avirbhav tithi of Srimanta Sankardev) ৷ হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিল জোনাই ৷

574th Abirbhav Festival of Srimanta Sankardeva celebrated in jonai
574th Abirbhav Festival of Srimanta Sankardeva: গুৰু বন্দনাৰে মুখৰিত জোনাই
author img

By

Published : Oct 5, 2022, 11:23 AM IST

জোনাই, ৪ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব মহোৎসৱ উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জোনাই ৷ অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা অসমীয়া জাতীয় জীৱনৰ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱন বিকশিত কৰি জাতীয় সংহতিৰ আদৰ্শৰ আলোকেৰে জাতিটোক উদ্ভাসিত কৰা জাতিৰ জনকস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব মহোৎসৱ সোমবাৰৰে পৰা জোনাই সাৰ্বজনীন নামঘৰত পালন কৰা হয়(Avirbhav tithi of Srimanta Sankardev)৷

ধেমাজি জিলাৰ জোনাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতি, আইমাতৃ, ভকত বৈঞ্চৱ ও সমূহ জোনাইবাসী ৰাইজৰ সহযোগত মঙলবাৰৰ পৰা পালন কৰা হয় গুৰুজনাৰ আৰ্বিভাৱ তিথি(Tithi of Srimatna Sankardev) ৷ জাউৰিয়ে জাউৰিয়ে হৰিনামৰ লগতে ঘোষা, পুথিপাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰ মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় সংশ্লিষ্ট এলেকাটোত ৷

পুৱাৰে পৰা নামঘৰত ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে আটায়ে উচ্চ-নীচ ভেদাভেদ পাহৰি জাতীয় সাজ-পোছাক পৰিধানেৰে পৰম্পৰাগতভাৱে ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগৰ অনুষ্ঠানত ভাগ লয় ৷ নাম-প্ৰসংগৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয় উপস্থিত ৰাইজৰ মাজত ৷

574th Abirbhav Festival of Srimanta Sankardeva: গুৰু বন্দনাৰে মুখৰিত জোনাই

মহাপুৰুষজনাৰ স্মৰণ কৰি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱাভাৱে পালন কৰা অনুষ্ঠানটোৰ শোভাৰম্ভ হয় অৱসৰ প্ৰাপ্ত শিক্ষক ধৰ্ম গগৈয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতে ৷ তাৰপাছতে বৃক্ষ ৰোপণ কৰে দেৱ গগৈয়ে, ইয়াৰ পিছতে পুৱা দহ বজাৰ পৰা সমূহীয়া নাম প্ৰসংগ আৰম্ভ হয় ৷ উদ্যোক্তা সমিতিয়ে আয়োজন কৰা বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক কুমাৰ দলে ৷

শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ দ্বিতীয় দিনা জোনাই অঞ্চলত ভাগৱত ভ্ৰমণ কৰোৱা হয় ৷ শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাঙ্কন, প্ৰশ্নোত্তৰ প্ৰতিযোগিতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক: সহায় বিচাৰি অহা যুৱকৰ গীত শুনি বিমল বৰাই উপহাৰ দিলে গীটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.