জোনাই, ৩ জুনঃ ধেমাজি জিলাৰ জোনাইত বহিঃৰাজ্যৰ পৰা অহা কেইজনমান যুৱকে চৰকাৰী কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ওলাই আহি এসপ্তাহৰ বাবে পুনৰ বন্ধী হ'ল এখন জেলখানাত ৷ জোনাইৰ ২নং মূৰ্কংচেলেকৰ চাৰিগৰাকী যুৱকে মহাৰাষ্ট্ৰৰ পৰা আহি বিগত সাত দিন ধৰি জোনাইত চৰকাৰী বাবে স্থাপন কৰা চিমেন চাপৰি মহাবিদ্যালয় কোৱাৰেন্টাইন শিবিৰত আছিল ৷ সাত দিনৰ শেষত কোৱাৰেন্টাইন শিবিৰৰ পৰা হোম কোৱাৰেন্টাইন বাবে মুকলি কৰাৰ পিচতে যুৱক কেইজনৰ লগতে পৰিয়ালৰ মাজত অন্য এক সমস্যাৰ সন্মুখীন হয় ৷
কাৰণ যুৱক কেইজনৰ পৰিয়ালসমূহত হোম কোৱাৰেন্টাইনত ৰখাৰ বাবে ঘৰত নাছিল কোনো সুকীয়া ব্যৱস্থাৰ ৷ যাৰ ফলত গাওঁখনতে থকা এখন প্ৰাথমিক বিদ্যালয়ত পৰিয়ালৰ লোকে যুৱক কেইজনক হোম কোৱাৰেন্টাইনত ৰাখিব বিচাৰে যদিও গাওঁ খনৰ একাংশ লোকে আপত্তি দৰ্শোৱাত উপায়হীন হয় যুৱককেইজনৰ পৰিয়াল ৷ যাৰ ফলত উপায়ন্তৰ হৈ প্ৰায় ৩০ বছৰৰ পূৰ্বে ৩ নং মূৰ্কংচেলেকত নিৰ্মাণ কৰি ৰখা পৰিত্যক্ত তথা ভূতবাংলা সদৃশ জোনাইৰ জেলখানাতে ৰাইজে চাফ চিকুন কৰি যুৱককেইজনৰ বাবে বিজুলী,পানী,খাদ্য আদিৰ ব্যৱস্থা কৰি এসপ্তাহৰ বাবে হোম কোৱাৰেন্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰিছে ৷
লগতে চাওকঃ আকস্মিকভাৱে বৰপেটা পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ