ধেমাজি , ১৫ জুনঃ ধেমাজিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আনুষ্ঠানিতভাবে মুকলি কৰি দিয়ে স্বাস্থ্য কৰ্মী সকলক ৷ ধেমাজিৰ টুৰিষ্ট লজত কোৱাৰেণ্টাইন হৈ আছিল স্বাস্থ্য কৰ্মী সকল ৷
উল্লেখ্য যে, কৰণা ভাইৰাছৰ বিৰুদ্ধে ধেমাজিত কেইবাজনো চিকিৎসকলৰ লগতে স্বাস্থ্য কৰ্মীয়ে সেৱা আগবঢ়াই আহিছিল ৷ ফলত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰথমটো 13 জনীয়া দল ধেমাজি টুৰিষ্ট লজত ৭ দিনৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷ কোৱাৰেণ্টাইন হৈ থকা ধেমাজিৰ চিকিৎসক আৰু নাৰ্চৰ ১৩ জনীয়া দলটোক সোমবাৰে আনুষ্ঠানিকভাবে মুকলি কৰি দিয়ে ৷
চিকিৎসক নাৰ্চসকলক ধেমাজি জিলা বিজেপিয়ে গামোছা, ফুলৰ থোপা আৰু মিঠাইৰ টোপোলাৰে সম্পৰ্ধনা জনায় ৷ তাৰোপৰি বিজেপি জিলা সমিতিয়ে স্বাস্থ্য বিভাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককো সম্বৰ্ধনা জনায় | এই অনুষ্ঠানত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত , ধেমাজিৰ বিধায়ক ৰণোজ পেগু কে ধৰি বহু গন্য মান্য লোক ৷
লগতে পঢ়ক- ব্য়ক্তিগত নাৰ্ছিং হোমৰ ক্ষেত্ৰত কি নিয়ম উঠাই ল'লে দিল্লী চৰকাৰে ?