ETV Bharat / state

গালীত ড্ৰাগছৰ ঘাটি উৎখাত

author img

By

Published : Apr 26, 2021, 7:43 AM IST

টিএমপিকে, এমএমকেৰ উদ্যোগত লালী নদী পাৰৰ সাধুঘাটৰ ঘন জাৰণিত 12 জন ড্ৰাগছ সেৱনকাৰীক ঘেৰাও কৰি আৰক্ষীয়ে আটক কৰে ৷ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী বিভিন্ন দল-সংগঠনৰ ৷

গালীত ড্ৰাগছৰ ঘাটি উৎখাত
গালীত ড্ৰাগছৰ ঘাটি উৎখাত

জোনাই,26 এপ্ৰিল: সমগ্ৰ ৰাজ্যখনত কৰ’ণা ভাইৰাছৰ আতংকই বিৰাজ কৰি থকাৰ সময়তে ধেমাজি জিলাৰ জোনাই থানাৰ অন্তৰ্গত গালী চিকাৰীত এটা বৃহৎ ড্ৰাগছৰ ঘাটি উৎখাত কৰা হৈছে ৷ এই ঘটনাই অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, কিছুদিন আগৰ পৰাই জোনাই থানাৰ গালী চিকাৰী অঞ্চলৰ লালী নদীৰ পাৰৰ সাধুঘাটস্থিত ঘন জাৰণিলৈ বিলাসী গাড়ীৰ সৈতে যুৱকৰ সঘন আহ-যাহ চলি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত সন্দেহ হৈছিল । দেওবাৰে সন্ধিয়া এখন ডাষ্টাৰ, এখন কাৰ আৰু তিনিখনকৈ মটৰ চাইকেল বৰং শান্তিপুৰ সংযোগী পথৰ পৰা বৰং কৃষ্ণপুৰ গাওঁ হৈ সাধুঘাটলৈ যোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।

টিএমপিকে আৰু এমএমকেৰ গালী চিকাৰী আঞ্চলিক সমিতিৰ উদ্যোগত গালীত কৰ’ণা মহামাৰীৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যি এখন সভা চলি থকাৰ সময়তে স্থানীয় প্ৰত্যক্ষদৰ্শী ৰাইজে গালী আঞ্চলিক টিএমপিকে, এমএমকেক খবৰ দিয়াৰ লগে লগে মিচিং জাতীয় সংগঠন দুটাৰ বিষয়ববীয়া, কৰ্মীয়ে সন্ধিয়া সাধু ঘাটত উপস্থিত হৈ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত অঞ্চলটো ঘেৰাও কৰে ।

ঘটনাস্থলীত বুজন পৰিমাণৰ ড্ৰাগছ, ভাং, কানি আদি জব্দ কৰি বাৰজনকৈ ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ঘটনা সম্পৰ্কে জোনাই আৰক্ষীক খবৰ দিয়াৰ পিছত জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলেৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ড্ৰাগছৰ ঘাটিতো উৎখাত কৰি চাৰে দহ গ্ৰাম হেৰ'ইন, বুজন পৰিমাণৰ কানি, ভাং সহ আটাইকেইজন যুৱকক আটক কৰি জোনাই থানালৈ লৈ যায় ।

জোনাই আৰক্ষীয়ে ৭৭/২০২১ ইউ এছ ২১(বি)/১৮(চি)২৭(এ)এনডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি লাইমেকুৰী টাক' গিটুং গাঁৱৰ অভিজিৎ কাৰ্দং আৰু বিপুল দলেক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । নৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ পয়োভৰ বৃদ্ধি পোৱাৰ ঘটনাই জোনাই মহকুমাৰ সচেতন মহলত চিন্তাৰ উদ্ৰেক ঘটাইছে ।

লগতে পঢ়ক: ৰঙাপৰাত ডাইনীৰ সন্দেহত হত্যা কৰি পুতি থ’লে মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.