ETV Bharat / state

Life struggle of a adolescent : জন্মান্ধ অৰণ্য পেগুৰ জীৱন সংগ্ৰাম

এটি 10 বছৰীয়া কিশোৰ । দেও দি উমলি সমনীয়াৰ সৈতে খেলি সোণোৱালী শৈশৱৰ আনন্দ উপভোগ কৰাৰ সময় শিশুটিৰ (10 years of adolescent life struggle) । শিশুটিৰ নাম হৈছে অৰণ্য পেগু । কিন্তু সাধাৰণ শিশুতকৈ কিছু ব্যতিক্ৰম এই শিশুটি ৷ পিছে কোন এই অৰণ্য ? সবিশেষ এই প্ৰতিবেদনত...

author img

By

Published : Nov 6, 2022, 3:09 PM IST

Life struggle of a adolescent
জন্মান্ধ অৰণ্য পেগুৰ জীৱন সংগ্ৰাম

জোনাই, 6 নৱেম্বৰ : কান্দোন জীৱনৰ আন এটা নাম । কাৰণ 10 বছৰীয়া এটি কিশোৰৰ সোণোৱালী শৈশৱতে পৰিছে বাস্তৱৰ কৰুণ আচোৰ (10 years of adolescent life struggle)। নাম অৰণ্য পেগু ৷ জোনাইৰ বাহিৰ জনাই পঞ্চায়তৰ অন্তৰ্গত হৰিপুৰ মিচিং গাঁৱৰ যজাতি পেগু আৰু দিপ্তি পেগুৰ সন্তান অৰণ্য পেগু ।

জন্মান্ধ অৰণ্য পেগুৰ জীৱন সংগ্ৰাম

অৰণ্য পেগুৰ জন্মৰে পৰাই নাই দুটি চকু (Specially abled Aranya Pegu's life struggle)। কিন্তু সন্তানক সুস্থ কৰাৰ স্বাৰ্থত যৎপৰোনাস্তি চেষ্টা কৰিছিল অৰণ্যৰ পিতৃ-মাতৃয়ে ৷ আনকি জন্মৰ তিনি মাহতেই অৰণ্যৰ চকু দুটিৰ চিকিৎসাৰ বাবে নিছিল ডিব্ৰুগড়লৈ । কিন্তু খেতি-বাতি কৰি কোনোমতে দুবেলা দুমুঠি খাই চলি থকা পিতৃ-মাতৃয়ে ধনৰ অভাৱত কৰিব নোৱাৰিলে সন্তানৰ উন্নত চিকিৎসা ।

যাৰ ফলত বিগত 10 বছৰে অৰণ্য পেগু জীয়াই আছে অন্ধকাৰ জীৱনৰ মাজত ।

কিন্তু অন্ধকাৰৰ মাজতো অৰণ্যই পোহৰ বিচাৰি উপভোগ কৰিব বিচাৰিছে সোণোৱালী শৈশৱৰ আনন্দ (Life struggle of a adolescent) । অৰণ্যই আজি 10 বছৰে দেখি পোৱা নাই জন্মদাতৃ পিতৃ-মাতৃ কিম্বা ভাই-ভনী তথা সমনীয়াৰ চেহেৰা । হয়তো অৰণ্যই কল্পনাও কৰিব নোৱাৰে জন্মদাতা পিতৃ-মাতৃ, ভাই-ভনী অথবা সমনীয়াৰ চেহেৰাবোৰ কেনেকুৱা হ’ব পাৰে । কাৰণ অৰণ্যৰ বাবে যেন কোনো বাস্তৱৰ ৰূপ নাই ।

লগতে পঢ়ক : Life struggle of Amguri man : এখন হাতেৰেই জীৱন সংগ্ৰাম শান্তনুৰ

কেউপিনে মাথো অন্ধকাৰ আৰু অন্ধকাৰ । অৱশ্যে বাস্তৱক নেদেখিলেও আনৰ পৰা শুনি বহু কথাই শিকিছে অৰণ্যই । ইফালে নিজ সন্তানৰ এনে কৰুণ জীৱন সহিব নোৱাৰি বহুবাৰ চেষ্টাও কৰিছে সন্তানৰ উন্নত চিকিৎসাৰ বাবে । কিন্তু প্ৰতিবাৰেই অৰ্থৰ অভাৱত থমকি ৰ’বলৈ বাধ্য হৈছে অৰণ্যৰ পিতৃ-মাতৃ ।

অৰণ্য যেতিয়া সমনীয়াৰ সৈতে খেলে হয়তো ইয়াকে দিন বুলি ভাবে আৰু যেতিয়া শুই পৰা তাকে হয়তো ৰাতি বুলি ধৰি লয় । কাৰণ অৰণ্যৰ বাবে যে নাই কোনো দিন-ৰাতিৰ বাস্তৱতা । নিজ সন্তানৰ এনে কৰুণ জীৱনক লৈ জন্মদাতা পিতৃ-মাতৃয়ে কেনেকৈ দিন অতিবাহিত কৰিছে হয়তো ইয়াক বুজাবলৈ ভাষা নাই ৷ মাথো অনুভৱহে কৰিব পাৰি ।

লগতে পঢ়ক : Life struggle of an old man: শতায়ু গৰকা বৃদ্ধৰ জীৱন সংগ্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.