জোনাই, ১৪ জানুৱাৰী : অসমৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি জল জীৱন মিছনৰ কাম তীব্ৰ গতিত আগবাঢ়িছে (Jal Jeevan Mission in Assam)। ঠায়ে ঠায়ে ৭০-৮০ শতাংশ পৰ্যন্ত এই আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে । ধেমাজি জিলাৰো বিভিন্ন প্ৰান্তত এই আঁচনি সফল ৰূপায়ণ কৰা হৈছে । জল জীৱন মিছনৰ অধীনত শুকুৰবাৰে জিলাখনৰ ১০ খন পানী যোগান আঁচনি শুভাৰম্ভ কৰা হয় (Water supply scheme launched in Jonai)। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে আনুষ্ঠানিকভাৱে এই আঁচনিসমূহ শুভাৰম্ভ কৰে ।
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ অভিলাষী আচঁনি জল জীৱন মিছন আঁচনিৰ অধীনত জোনাইৰ বিভিন্ন স্থানত চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰায় ১২০ খন আঁচনি অনুমোদন দিছিল । তাৰ ভিতৰত ১০ খন আঁচনিৰ কাম সম্পূৰ্ণ হৈ উঠিছে (10 Jal Jeevan scheme launched in Jonai)। উজনি বিজয়পুৰ, ৰতকে, মালভোগ মিচিং, লুহিজান, বাহিৰ চিলে, নলীনিপাম, ১নং ৰিগৱি, ২ নং ৰিগৱি, ৰতনপুৰ পাদি আৰু ললাদ গাঁৱৰ পানী যোগান আচঁনিৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাইজৰ সুবিধাৰ্থে শুভাৰম্ভ কৰা হয় ।
শুকুৰবাৰে বিশাল কাৰ্যসূচীৰ মাজেৰে উক্ত আঁচনিকেইখন লখিমপুৰৰ সাংসদ আৰু জোনাইৰ বিধায়কগৰাকীয়ে শুভাৰম্ভ কৰে ৷ বাকী নিৰ্মাণ হৈ থকা আঁচনিসমূহো অতি শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে সাংসদ প্ৰদান বৰুৱাই । এই পানী যোগান আচঁনিসমূহ শুভাৰম্ভ কৰি ৰাইজক উক্ত আচঁনিসমূহ চোৱাচিতা আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আহ্বান জনাই জনপ্ৰতিনিধি কেইগৰাকীয়ে ৷
সাংসদ প্ৰদান বৰুৱাই দাবী কৰা মতে ৰাজ্যৰ বাকী জিলাসমূহতকৈ ধেমাজিৰ জোনাইৰ পানী যোগান আঁচনিৰ কামবোৰ ভালধৰণে আগবাঢ়িছে । অৱশ্যে কিছু কিছু ঠাইত কাম বাকী আছে যদিও সেইবোৰো অতি শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ আশ্বাস সাংসদগৰাকীৰ ।
উল্লেখ্য যে ২০২৪ চনৰ ভিতৰত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ লক্ষ্যৰে চৰকাৰে কাম কৰি আছে । প্ৰতিগৰাকী লোকে যাতে দৈনিক ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী লাভ কৰিব পাৰে সেই লক্ষ্য আগত ৰাখিছে চৰকাৰে তীব্ৰ গতিত আঁচনি ৰূপায়ণৰ কাম চলাইছে । অৱশ্যে ইয়াৰ মাজতে বহু আঁচনি ৰূপায়ণত গাফিলতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে । তেনে পৰিস্থিতিত জোনাইৰ আঁচনিসমূহ ৰূপায়ণ হোৱাটো বিচাৰিছে ৰাইজে ।
লগতে পঢ়ক :Bhogali Mela: মৰিগাঁৱত সামৰণি পৰিল তিনিদিনীয়াকৈ আয়োজিত ভোগালী মেলাৰ