দৰং, 25 নৱেম্বৰ : শুকুৰবাৰে দৰং জিলাত ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লোকৰাই গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত উপস্থিত থাকে জিলাখনত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ দায়িত্বত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি বিষয়া, উত্তৰ পূব পৰিষদৰ সঞ্চালক (প্ৰশাসন) এল এছ গাংটে । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে যাত্ৰাৰ উদ্দেশ্যৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে ।

জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনা, পি এম বিশ্বকৰ্মা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী জন ধন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায় । উত্তৰ পূব পৰিষদৰ সঞ্চালক (প্ৰশাসন) এল এছ গাংটেয়ে অনুষ্ঠানস্থলীত স্বাস্থ্য, কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভিন্ন বিভাগে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা ষ্টলসমূহ পৰিদৰ্শন কৰে ।
লোকৰাই গাঁও পঞ্চায়তৰ পিচতে চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয় । এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই ভাষণ প্ৰদান কৰে । অনুষ্ঠানত দেশৰ উন্নয়ন বিষয়ক তথ্যচিত্র তথা চুটি ছবি প্ৰদৰ্শন কৰা হয় ।

এই অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয় । লোকৰাই আৰু চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, পঞ্চায়তৰ প্ৰতিনিধি আৰু বিষয়ববীয়া, বিশিষ্ট নাগৰিকৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে ।
লগতে পঢ়ক: দলগাঁৱত টেট উৰ্ত্তীণ শিক্ষক সন্থাৰ দুঘন্টীয়া ধৰ্ণা