দলগাঁও,৬ জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনক লৈ পৰ্যটক শূণ্য হৈ পৰিছিল ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান সমূহ । অবশেষত ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটিল পৰ্যটকৰ ৷ নৱবৰ্ষৰ প্ৰথমটো দেওবাৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমে বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহি:ৰাজ্য পাঞ্জাৱৰ পৰ্যটকৰ। পাঞ্জাৱৰ পৰ্যটকৰ আগমণত মুখত হাঁহি বিৰিঙিছে উদ্যান কৰ্তৃপক্ষৰ ৷ বিভিন্ন বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উদ্যানখনৰ ক্ষেত্ৰত চৰকাৰে পৰ্যাপ্ত সা- সুবিধা প্ৰদান কৰিলে অন্যান্য ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ কেন্দ্ৰ বিন্দু হ'ব বুলি মত প্ৰকাশ কৰে বহিঃৰাজ্যৰ পৰ্যটকসকলে ৷
আৰু পঢ়ক : কৃষি-কৰ্মৰে স্বাৱলম্বী হোৱা নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ কাহিনী