দলগাঁও, 29 এপ্ৰিল : লক ডাউনৰ মাজতে দৰং জিলাৰ ধূলাত উদ্ধাৰ প্ৰকাণ্ড কাছ ৷ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ননকে গৰাপুৰী গাঁৱৰ শুকুৰ আলী নামৰ লোকজনে খেতি পথাৰত কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে কাছটো ৷
পৰৱৰ্তী সময়ত কাছটো উদ্ধাৰ কৰি দলগাঁও বন্যপ্ৰাণী সুৰক্ষা সমিতিক খৱৰ দিয়াত বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ সম্পাদক আব্দুল আজিজ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সহ-বন বিষয়া প্ৰানজিৎ ডেকা, প্ৰবাল দেউৰীৰ লগতে বন বিভাগৰ চাৰিজনীয়া দল গাঁওখনত উপস্থিত হয় ৷ প্ৰকৃতি প্ৰেমী খেতিয়কজনে উদ্ধাৰ কৰা কাছটো বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ সহযোগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ৷ যি সময়ত একাংশ লোকে বন্য প্ৰাণীৰ ওপৰত অবাধ ধংস চলাই আহিছে সেই সময়ত যুৱকজনে দেখুওৱা প্ৰকৃতি প্ৰেমৰ উদাহৰণ আন বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ৷
লগতে পঢ়ক : এজনে আনজনৰ প্ৰতি দয়ালু হওক আৰু মোৰ অপেক্ষা কৰকঃ শেষ বাৰ্তা দি গুচি গ'ল ইৰফান খান