ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 30, 2022, 9:00 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Carrom training camp: নগাঁৱত আৰম্ভ কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি

অহা ৭ নৱেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় কেৰম প্ৰতিযোগিতাৰ বাবে নগাঁৱত শনিবাৰে কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি কৰে কেৰম এছোচিয়েশ্যনৰ সভাপতি ৰকিবুল হুছেইনে (Carrom training camp inaugurated by Rakibul Hussain)। অহা ৭ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰৰ পৰ্যন্ত কেৰম এছোচিয়েশ্যনৰ সোণালী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পুৰুষ আৰু মহিলা শাখাৰ জ্যেষ্ঠ আৰু আন্তঃজিলা কেৰম প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলো নিৰ্বাচিত হৈছে (National Carrom Championship)।

Chhath puja 2022: ৰঙাপৰাত ষঠ পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ষঠ পূজা (Chhath puja 2022) । এই ষঠ পূজা সূৰ্যাস্ত আৰু সূৰ্য উদয়ৰ সময়ত কৰা হয় । পুৱাৰ ভাগতে ৰীতি-নীতিৰে নদীৰ পাৰলৈ গৈ সূৰ্য দেৱতাক পূজা-অৰ্চনা কৰিব ভক্তপ্ৰাণ ৰাইজে । ষঠ পূজাৰ এক মাহাত্ম্য আছে(Chhath puja significance) ।

Burmese supari seized: বোকাজানৰ খটখটিত জব্দ বাৰ্মিজ চুপাৰি

শনিবাৰে খটখটি আৰক্ষীয়ে বোকাজানৰ খটখটিত জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি (Suspected Burmese supari seized at Khotkhoti) ৷ লগতে বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত আটক কৰে চাৰিজন লোকক ৷

Fire breakout in Guwahati: গুৱাহাটীৰ আঠগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

মহানগৰীৰ আঠগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে(Fire breakout in Guwahati) ৷ শনিবাৰে নিশা প্ৰায় 7.30 বজাত আঠগাঁৱৰ টকৌবাৰীৰ কালী মন্দিৰৰ সমীপৰ গুদাম এটাত সংঘটিত হৈছে এই অগ্নিকাণ্ড । প্লাষ্টিকৰ সামগ্ৰী ৰখা গুদামটোৰ পৰা সূত্ৰপাত হোৱা জুইয়ে গুদামটোৰ লগতে দিলীপ শৰ্মা নামৰ লোকজন বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ।

2024 Loksabha election: মিত্ৰতা ভংগৰ দিশে অগপ-বিজেপি !

অসমৰ ১৪খন আসনৰ ১৩খন আসনেই দখলৰ বাবে আগ্ৰাসী হৈ পৰিছে বিজেপি । ২০১৯ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়ত অগপৰ ফলাফলে নিৰাশ কৰিলে মিত্ৰদল বিজেপিক(2024 Loksabha election) । এইবাৰ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰিস্ক লব বিচৰা নাই আগ্ৰাসী বিজেপিয়ে ।

Bhabesh Kalita on AGP-BJP alliance: আঞ্চলিকতাবাদক বাদ দি ৰাষ্ট্ৰীয়তাবাদ নহয়: ভৱেশ কলিতা

বৰ্তমান সময়ত বিজেপিয়ে অসমৰ আঞ্চলিক দল অগপক গ্ৰাস কৰি পেলোৱা বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ সময়তে ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই(Assam state BJP President Bhabesh Kalita) শনিবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে । তেওঁ কয় যে বিজেপিয়ে অগপক গ্ৰাস কৰা নাই(AGP BJP alliance in Assam) ।

Child death after sexual abuse: যৌন উৎপীড়নৰ পিছত 2 বছৰীয়া শিশুৰ মৃত্যু

মিজোৰামত জঘন্য ঘটনা সংঘটিত হৈছে (Shocking Mizoram case )৷ যৌন উৎপীড়নৰ পিছতে কণ্ঠনলীত সংক্ৰমন হৈ এটি দুবছৰীয়া শিশু মৃত্যুমুখত পৰে(2 year old child death after sexual abuse)৷ এই গোচৰৰ ভিত্তিত যোৱা 1 অক্টোবৰত শিশুটোৰ পিতৃক আৰু তাৰ দুদিনৰ পিছতেই অৰ্থাৎ 3 অক্টোবৰত মাতৃক গ্ৰেপ্তাৰ কৰা হয় ৷

Hernia operation for Rs 50: 50 টকাতে হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা এটা বিশেষ সংস্থা

এটা বিশেষ সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ১৯৪৩ চনত একাংশ দৰিদ্ৰ লোকৰ সহায়ৰ অৰ্থে কলকাতা চহৰত পীপলছ ৰিলিফ কমিটি (পিআৰচি)(Peoples Relief Committee) স্থাপন কৰা হৈছিল ৷ শেহতীয়াকৈ এই সংস্থাটোৰ 80 বাৰ্ষিকী উপলক্ষে কেৱল ৫০ টকাত হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ ৰূপায়ণ কৰা হ’ব ৷

BPBM College in Charaidew : সামৰণি পৰিল বিপিবিএম মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ

শনিবাৰে অন্ত পৰে চৰাইদেউ জিলাৰ ঐতিহ্যমণ্ডিত বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি (Conclude Silver jubilee of BPBM College in Charaidew)। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটি শনিবাৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় (Silver jubilee celebrated of BPBM College in Charaidew)৷

Sarbananda Sonowal at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰয়াত বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ ফটোত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷ মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বুঢ়াসত্ৰীয়াৰ শোক-সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ তেওঁ লগতে বশিষ্ঠ দেৱশৰ্মা বাপে আমাক মৰমীয়াল পিতৃৰ দৰে পথ প্ৰদৰ্শন কৰিছিল বুলি মন্তব্য কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.