ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 18, 2021, 5:05 PM IST

অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

শিলচৰ কাণ্ডৰ প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ । অল কায়দাৰ ঘটনা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ ৷

অখিল গগৈক ভোট দি ভুল কৰিছিল নেকি শিৱসাগৰ বাসীয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈক পুনৰ তীব্র সমালোচনাৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী পিযুষ হাজৰিকাই। দেওবাৰে সন্ধিয়া তিতাবৰত উপস্থিত হৈ মন্ত্ৰী পিযুষ হাজৰিকাই অখিল গগৈক হতাশগ্ৰস্ত নেতা বুলি অভিহিত কৰে ।

সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগেৰে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ

হজৰত মহম্মদ আৰু তেওঁৰ পত্নীক অশালীন মন্তব্য কৰি ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰাৰ অভিযোগেৰে উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ গোলাঘাট জিলা আমছুৰ । সামাজিক মাধ্যমত হজৰত মহম্মদক তুচ্ছ-তাচ্ছিল্য কৰি ইছলাম ধৰ্মীয় অনুভূতিত আঘাত হনা সত্যৰঞ্জন বৰাৰ এনে কাৰ্যক তীব্ৰ গৰিহণা গোলাঘাট জিলা আমছুৰ ।

SBIৰ উদ্যোগত মানাহত বিশেষভাবে সক্ষম লোকক কম্পিউটাৰ বিতৰণ

ভাৰতীয় ষ্টেট বেংকৰ এক বিশেষ পদক্ষেপ ৷ মানাহৰ কাষৰীয়া মুছা ল'জত ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ চিফ জেনেৰেল চাৰ্ক’ল মেনেজাৰৰ নেতৃত্বত বিশেষভাবে সক্ষম লোকসকলক বিতৰণ কৰা হয় কম্পিউটাৰ । এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ কেইবাগৰাকীও বিষয়-ববীয়া ৷

বিশ্ব মেন’পজ দিৱস 2021 : মৌলিক বিষয়সমূহ বুজি লওক

প্ৰতি বছৰে 18 অক্টোবৰৰ দিনটো ‘বিশ্ব মেন’পজ দিৱস’ হিচাপে পালন কৰা হয় ৷ বিশ্ব মেন’পজ দিৱসৰ এই বছৰৰ বিষয়বস্তু হ’ল ‘Bone Health’ ৷

সংযুক্ত কিষাণ মৰ্চাৰ ‘ৰে’ল ৰোকো’ৰ প্ৰভাৱ পৰা নাই উত্তৰ-পূৰ্বাঞ্চলত

সোমবাৰে সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা আহ্বান কৰা 6 ঘন্টীয়া ৰে’ল ৰোকো কাৰ্যসূচীৰ ফলত দেশৰ প্ৰায়সমূহ অঞ্চলতে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰায় সকলোবোৰ ৰে’লপথেই কৃষকসকলে বন্ধ কৰি ৰাখিছে যাৰ বাবে ৰে’লৰ চলাচলত প্ৰভাৱ পৰিছে ৷ কিন্তু ইয়াৰ প্ৰভাৱ পৰা নাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৷

ITBPৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজস্থানৰ ছিৰোহীত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

দেওবাৰে সন্ধিয়া ৰাজস্থানৰ ছিৰোহীত উপস্থিত হ'ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ । আবুৰোডত আই টি বি পিৰ জোৱানৰ এক কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । আবুৰোডস্থিত ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানত উপস্থিত হোৱাৰ পাচতে বিপ্লৱ কুমাৰ দেৱক প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া আৰু প্ৰশাসনিক বিষয়াসকলে আদৰণি জনায় ।

সোণাৰিত নৃশংস হত্যাকাণ্ড: বাঁহেৰে মৰিয়াই হত্যা এগৰাকী বৃদ্ধাক

চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ মাত্ৰ ১০ টকা বাবেই হত্যা কৰিলে এগৰাকী বৃদ্ধাক ৷ ইতিমধ্যে হত্যাকাৰীয়ে নিজেই স্বীকাৰ কৰিছে সমগ্ৰ ঘটনা ৷

গহপুৰৰ হেলেমত ভাং সহ আটক মহিলা

ড্ৰাগছ, ভাং, অবৈধ অৰুণাচলী সুৰাৰে ভৰি পৰিছে গহপুৰৰ হেলেমৰ বিভিন্ন অঞ্চল । যাৰ পৰিপ্ৰেক্ষিতত অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে নৱ প্ৰজন্ম । কুম্ভকৰ্ণ নিদ্ৰাত আবকাৰী বিভাগ ।

20 অক্টোবৰৰ পৰা ১১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ

11 সংখ্যক মহিলা হকী চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ঝাৰখণ্ড ৷ 20 অক্টোবৰৰ পৰা ঝাৰখণ্ডৰ Simdega ত 11 সংখ্যক মহিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ হ'ব ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেৰন্ত সুৰেণে এই চেম্পিয়নশ্বিপ উদ্বোধন কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.