ETV Bharat / state

এলান্ধু কলীয়া সামাজিক নীতি : সমাজচ্যুত হ'ল পৰিয়াল

author img

By

Published : Aug 14, 2019, 7:33 PM IST

ঈশ্বৰক উপাসনাৰ নামত নৰবলি,জাত কুলৰ নামত অমানৱীয় বিচাৰ৷ ধৰ্ম ৰক্ষাৰ নামত চলিছে বিবেকহীন বিচাৰ-বিবেচনা৷ এইয়া অসমৰ এখন ঠাইৰ সমাজ ব্যৱস্থাৰ উদাহৰণ ৷

সমাজচ্যুত হ'ল পৰিয়াল

দৰং,14 আগষ্টঃ ঈশ্বৰক উপাসনাৰ নামত নৰবলি,জাত কুলৰ নামত অমানৱীয় বিচাৰ৷ ধৰ্ম ৰক্ষাৰ নামত চলিছে বিবেকহীন বিচাৰ-বিবেচনা৷ এইয়া অসমৰ এখন ঠাইৰ সমাজ ব্যৱস্থাৰ উদাহৰণ ৷ স্বঃ জাতীয় ব্ৰাহ্মণৰ দ্বাৰা মৃতকৰ প্ৰেতঃকৰ্ম নকৰোৱাৰ বাবেই দৰঙত সমাজৰ পৰা বহিষ্কৃত হ'ল তিনিটাকৈ পৰিয়াল৷ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকজনে পূৰ্বৰ দৰেই ব্ৰাহ্মণৰ দ্বাৰা সম্পন্ন কৰে মৃতকৰ প্ৰেতঃ কৰ্ম৷ কিন্তু গাঁৱৰ একাংশ মানুহে কোচ ৰাজবংশী সম্প্ৰদায়ৰ তন্ত্ৰধাৰী পুৰোহিত ব্যৱহাৰ নকৰি ব্ৰাহ্মণ সম্প্ৰদায়ৰ পুৰোহিতেৰে শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ বাবে জুইয়ে পানীয়ে নিষেধ কৰে পৰিয়ালটোক ৷ চাওক এই প্ৰতিবেদন...

Intro:: পুনৰ সভ্য সমাজক লজ্জানত কৰা এটি ঘটনা সংঘটিত হ'ল দৰং জিলাৰ দলংঘাট কাৱৈমাৰীত ।
👍মৃতকৰ প্ৰেতকৰ্মত স্বঃজাতীৰ ব্ৰাহ্মণে8ৰে শ্ৰাদ্ধ অনুষ্ঠিত নকৰাৰ বাবে সমাজৰ পৰা বহিস্কাৰ কৰিলে তিনিটাকৈ পৰিয়ালক।
👍মাজৰ অইন ব্যক্তিয়ে বহিষ্কৃত পৰিয়ালৰ ঘৰলৈ গ'লে ভৰিবলগীয়া হয় আৰ্থিক দণ্ড।
👍বিগত পঞ্চায়ত নিৰ্বাচনত ভোট ভিক্ষা বিচাৰি যোৱা প্ৰাৰ্থীকো জৰিমনা বিহিলে সমাজৰ মুখীয়ালে।Body: ওদালগুৰি জিলাৰ বঙ্গাজুলী খুতি আৰু ৰাজাগড়ৰ পৰিয়ালক সমাজে জুই পানীৰ পৰা বহিস্কাৰ কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছত এইবাৰ তেনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। জাতীয় সত্বা কিম্বা জাতীয় সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰাৰ নামত কেনেদৰে এচাম তথাকথিত সমাজৰ নেতাই মানুহৰ ওপৰত নিৰ্যাতন চলাইছে এই কথা শুনিলেই আপোনাৰ চকু কপালত উঠিব।
ঘটনা অনুসৰি দৰং জিলাৰ দলংঘাট কাৱৈমাৰীৰ নৃপেন বড়া নামৰ যুৱক জনৰ খুৰাকৰ মৃত্যু হৈছিল পাচ বছৰ পূৰ্বে।কোচ ৰাজবংশী সম্প্ৰদায়ৰ এই বড়া পৰিয়ালটোৱে অতিতৰে পৰা সকলো ধৰনৰ মাঙ্গলিক অনুষ্ঠান অথবা মৃতকৰ শ্ৰাদ্ধানুষ্ঠানত ব্ৰাহ্মণ সম্প্ৰদায়ৰ পুৰোহিত ব্যৱহাৰ কৰি আহিছে। সেই পৰম্পৰা অনুসৰি খুৰাকৰ মৃত্যুৰ প্ৰেতকৰ্মতো ব্ৰাহ্মণ সম্প্ৰদায়ৰ পুৰোহিতেৰে শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ বাবে একাংশ ধুৰন্ধৰ ব্যক্তিৰ পৰোচনাত তেওঁলোকৰ ঘৰৰ তিনিটা পৰিয়ালক বহিস্কাৰ কৰে সমাজৰ পৰা। উল্লেখ্য যে বহিস্কাৰ হোৱা পৰিয়ালটোৰ এটাই মাত্ৰ দোষ যে কিয় তেওঁলোকে কোচ ৰাজবংশী সম্প্ৰদায়ৰ তন্ত্ৰধাৰী পুৰোহিত ব্যৱহাৰ নকৰি ব্ৰাহ্মণ সম্প্ৰদায়ৰ পুৰোহিতেৰে শ্ৰাদ্ধ অনুষ্ঠিত কৰিলে?
বিগত পাচ বছৰ ধৰি এই পৰিয়ালটো এতিয়া নিজ গাঁৱৰ সমাজৰ পৰা নিলগত দিন কটাবলগীয়া হৈছে। সমাজৰ মুখীয়ালে এই পৰিয়ালটোৰ ওপৰত ইমানেই নিৰ্যাতন চলাইছে যে নৃপেন বড়াৰ বিবাহিত ভগ্নীকো গাঁও খনৰ ৰাজহুৱা নামঘৰত প্ৰবেশ কৰিব নিদিলে এটা সময়ত। আৰু এয়াই হৈছে এইখন অসমৰ এচাম তথাকথিত সাম্প্ৰদায়িক জাতি প্ৰেমী শিক্ষিত অসমীয়াৰ চৰিত্ৰ‌ কিম্বা জাতীয় ৰিতী নিতী । যি সামাজিক পৰম্পৰা অথবা ৰিতী নিতীয়ে কেৱল নৃপেন বড়াৰ দৰে হেজাৰ জনক সময়ে সময়ে মানসিক নিৰ্যাতন চলাই আহিছে ।

ধনদ্বীপ বৰা আৰু দেবব্ৰত গোস্বামীৰ ৰিপৰ্টConclusion:Debabrat goswami .Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.