ETV Bharat / state

নবোদয় বিদ্যালয়ৰ কাণ্ডত জড়িত 3 অভিযুক্তক আটক

author img

By

Published : Jul 19, 2021, 9:13 PM IST

কলাইগাঁৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশক একাংশ লোকে গছত বান্ধি মাৰপিট কৰা ঘটনাই সমগ্ৰ দৰং জিলাতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

three-accused-of-kolaigaon-navodaya-vidyalaya-incident-has-been-arrested
কলাইগাঁও নবোদয় বিদ্যালয় কাণ্ডত জড়িত 3 অপৰাধীক আটক

দৰং, 19 জুলাই : পুনৰ বিৰ্তকত সোমাই পৰিছে কলাইগাঁও জৱাহৰ নৱোদয় বিদ্যালয় ৷ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক একাংশ লোকে গছত বান্ধি মাৰপিট কৰা এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দৰং জিলাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ অপৰাধত তিনিজনক আটক কৰিছে আৰক্ষীয়ে ৷ বিদ্যালয়খনৰ কেইজনমান শিক্ষকৰ নেতৃত্বতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

নবোদয় বিদ্যালয়ৰ কাণ্ডত জড়িত 3 অভিযুক্তক আটক

উল্লেখ্য যে, শিক্ষানুষ্ঠানখনত দীৰ্ঘদিনৰ পৰা বিদ্যালয়খনৰ একাংশ অনা অসমীয়া শিক্ষকে অধ্যক্ষ পি ৰাজেশক ষড়যন্ত্ৰ কৰি জন-মানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি একাংশ সচেতন লোকে জানিবলৈ দিছে ৷ অধ্যক্ষগৰাকীয়ে বিদ্যালয়ৰ স্থানীয় শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ সতে মিলি বিদ্যালয় সৰ্বাংগীণ উন্নয়নৰ হকে কাম কৰি আহিছিল ৷ সেইবাবে তেওঁৰ বিৰুদ্ধে এনেধৰণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ৷

লগতে পঢ়কঃ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল

আনহাতে বিদ্যালয়খনৰ গুপ্তা উপাধিৰ শিক্ষকগৰাকীক কেইবছৰমানৰ পূৰ্বে অপকৰ্মত জড়িত থকাৰ বাবে অধ্যক্ষগৰাকীয়ে অপসাৰণ কৰি শাস্তি প্ৰদান কৰিছিল ৷ তাৰে প্ৰতিশোধ হিচাপে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ আন একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ এগৰাকী শিক্ষকক এনেদৰে মাৰপিট কৰি ভিডিঅ' ভাইৰেল কৰাসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক সমাজে ৷ মানৱ সম্পদ গঢ়া এক অনুষ্ঠানখনৰ শিক্ষকসকলৰ এই কাৰ্যই সমগ্ৰ দৰং জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.