ETV Bharat / state

এখন বিদ্যালয়লৈ আহিল ৭৮ লাখ টকাৰ বিদ্যুৎ বিল - mangaldoi electricity department

মঙলদৈত শক্তি বিভাগৰ আজৱ কাণ্ড । লক ডাউনৰ বাবে বন্ধ হৈ থকা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ এমাহৰ বিদ্যুৎ বিল আহিল ৭৭ লাখ ৭০ হাজাৰ ৪৯৬ টকা ।

মঙলদৈ
মঙলদৈত ২মাহ বন্ধ হৈ থকা বিদ্যালয়লৈ আহিল প্ৰায় ৭৮ লাখ টকাৰ বিল
author img

By

Published : May 13, 2020, 10:50 PM IST

মঙলদৈ, ১৩ মে': কৰ'ণা আতংকৰ মাজতেই মঙলদৈ শক্তি বিভাগে আতংকিত কৰিছে একাংশ গ্ৰাহকক । আজৱ কাণ্ড সংঘটিত হৈছে বিভাগটোত । মঙলদৈ চহৰৰ ৮নং ৱাৰ্ডৰ জ্ঞান গুৰুকুল জাতীয় বিদ্যালয়ৰ এমাহৰ বিদ্যুতৰ বিল আহিল ৭৭ লাখ ৭০ হাজাৰ ৪৯৬ টকা । লকডাউন চলি থকাৰ বাবে বন্ধ হৈ আছে বিদ্যালয়খন ।

মঙলদৈ
মঙলদৈত ২মাহ বন্ধ হৈ থকা বিদ্যালয়লৈ আহিল প্ৰায় ৭৮ লাখ টকাৰ বিল

কিন্তু লক ডাউনৰ মাজতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ ম'বাইলত অহা এটি মেছেজ দেখি চকু কপালত উঠিল সভাপতি গৰাকীৰ । প্ৰতিমাহে তিনিশৰ পৰা চাৰিশ টকা বিল পৰিশোধ কৰি অহা বিদ্যালয়খন লক্ ডাউনৰ বাবে প্ৰায় দুমাহ বন্ধ থকা অৱস্থাত বৃহৎ পৰিমাণৰ বিল আহিল । বিদ্যালয়খনৰ সভাপতি কুশল ডেকাই উল্লেখ কৰে যে, এনে আজৱ কাৰ্য পূৰ্বেও সংঘটিত হৈছে মঙলদৈ শক্তি বিভাগত । কাৰিকৰী দিশত অত্যাধুনিক হ'ল যদিও সলনি নহ'ল বিভাগটোৰ খেলিমেলি ।

ইয়াৰ পূৰ্বেও এখন ডেৰ লাখ টকাৰ বিল শুধৰণি কৰিবলৈ মঙলদৈ শক্তি বিভাগৰ কাৰ্যালয়লৈ চাৰি মাহ তাতবাতি কাৰিব লগা হৈছিল বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.