দৰং,27 মাৰ্চ: নিৰ্বাচনক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাদলাপাৰা চাহ বাগিচাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিজয় বৰ্লা চাৰু, জেকচন, ভাইৰাম, এলবিস, থমাচ আৰু বিনোদ নামৰ বিপিএফ কৰ্মী কেইজনে সুৰাপান কৰি প্ৰহাৰ কৰে বিজেপি কৰ্মীক ৷
ইয়াৰ লগতে বাদলাপাৰা চাহ বাগিচাৰ বিজেপিৰ কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰে বিপিএফ কৰ্মী কেইজনে ৷ বিজেপিৰ মহিলা কৰ্মীকো প্ৰহাৰ কৰা বুলি বিপিএফ কৰ্মী কেইগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে ৷
প্ৰহাৰৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় টাংকিবস্তিৰ বিজেপি কৰ্মী সুৰদাস মিজ্, দীপা বৰুৱা, ৰামদাস মিজ্ আৰু ভাৰত চাহু ৷ ঘটনাস্থলীত ডিমাকুছি আৰক্ষীৰ লগতে টংলাৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷