দৰং, 5 এপ্ৰিল : সমগ্ৰ বিশ্ব এতিয়া অদৃশ্য মহামাৰী কৰ'ণা ভাইৰাছৰ ত্ৰাসত ত্ৰস্তমান ৷ এই মহামাৰীৰ বাবেই ভাৰতত ২১ দিনীয়া লক্ ডাউন পালন কৰিছে জনসাধাৰণে ৷ লক্ ডাউনৰ বাবে বহু লোকে অনাহাৰে অনিদ্ৰাই সময় পাৰ কৰিব লগাত পৰিছে ৷ বিশেষকৈ পদপথত থকা গৃহহাৰা লোক সকলে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ এনে সময়ত এইসকল লোকক এসাজ খাদ্য খুৱাবলৈ আগবাঢ়ি আহিছে মঙলদৈৰ এজন ছাত্ৰ ৷ সাগৰ বৈশ্য নামৰ এই ছাত্ৰজনে ঘৰত খাদ্য বনাই আনি খুৱালে মঙলদৈৰ পদপথত থকা গৃহহীন আৰু মানসিক বিকাৰগ্ৰস্ত লোক সকলক ৷ ছাত্ৰ গৰাকীয়ে প্ৰায় ৫০ গৰাকী লোকক খাদ্যৰ যোগান ধৰে ৷ সাগৰ বৈশ্যৰ এনে মানৱ হিতৈষী প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ৷
ঘৰতে খাদ্য ৰান্ধি পদপথৰ আৱাসীক খুৱালে এজন ছাত্ৰই - darang distruict news
ছাত্ৰজনে নিজ ঘৰত খাদ্য বনাই আনি খুৱালে পদপথত থকা গৃহহাৰা, মানসিক বিকাৰগ্ৰস্ত একাংশ লোকক ৷ সংকটৰ সময়ত নিৰীহজনক এইদৰে সহায় আগবঢ়াই যুৱক জনে প্ৰমাণ কৰিলে যে, এতিয়াও জীয়াই আছে মানৱতা ৷