দৰং,7 ডিচেম্বৰ : দেওবাৰে মঙলদৈত শুভমুক্তি পালে কণ্ঠশিল্পী তাৰা শইকীয়াৰ এটি নতুন গীত ৷ মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ‘ৰিডম’ নামৰ এলবামটোৰ ‘আঘোণৰ শুৱনি সোনালী ধাননি’ শীৰ্ষক গীতটিৱে মুক্তিলাভ কৰে ৷ গীতটিয়ে দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী কণ্ঠশিল্পী তাৰা শইকীয়াৰ লগতে গীতটিৰ সৈতে জড়িত কলা-কুশলীসকল ৷
গীতটিৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিনবন্ধু ভূঞা, মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হৰিমন ডেকা, মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন বৰুৱাকে ধৰি বহু গণ্য-মান্য ব্যক্তি ।
লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ প্ৰকাশ ঝাৰ