ETV Bharat / state

প্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন সাহিত্য সভাৰ - smiriti day celebrate by sahitya sabha

অসমীয়া ভাষাৰ কোনোকালেই সংকট হোৱা নাই,মাজে মাজে প্ৰত্যাহ্বান আহিছে । প্ৰত্যাহ্বান অহাটো সংকট বুলি নকয়: কুলধৰ শইকীয়া ।

smiriti day celebrate by sahitya sabha
প্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন সাহিত্য সভাৰ
author img

By

Published : Nov 20, 2020, 10:02 PM IST

দৰং, 20 নৱেম্বৰ: অসম সাহিত্য সভাৰ উদ্যোগত তথা সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয় আৰু দৰং জিলা সাহিত্য সভাৰ সহযোগত শুকুৰবাৰে মঙলদৈত আধুনিক নাট্য আন্দোলনৰ এগৰাকী ৰূপকাৰ,মঞ্চ আৰু অনাতাঁৰ নাটকৰ উপৰি ভ্ৰাম্যমাণ নাট্যজগতৰ যুগান্তকাৰী নাট্যকাৰ,পৰিচালক,গীতিকাৰ তথা চলচ্চিত্ৰকাৰ 'নাট্যসম্ৰাট' উপাধিৰে বিভূষিত প্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন কৰা হয় ৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সভাত অংশগ্ৰহণ কৰি কয় যে,অসমীয়া ভাষাৰ কোনোকালেই সংকট হোৱা নাই,মাজে মাজে প্ৰত্যাহ্বান আহিছে । প্ৰত্যাহ্বান অহাটো সংকট বুলি নকয়। আমি ভাষা ৰক্ষাৰ কাৰণে সাহিত্য সভাকো ডিজিটেল কৰিব বিছাৰিছো ।

প্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন সাহিত্য সভাৰ

স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সভাপতি ড0 কুলধৰ শইকীয়াৰ সভাপতিত্বত এখন সভাও অনুস্থিত হয় । দিনৰ ১১.৩০ বজাত আৰম্ভ হোৱা মুকলি সভাত নাট্যকাৰ হেমন্ত দত্তই 'শিল্পী'গৰাকীৰ জীৱনৰ শেষছোৱা কৰুণ বুলি উল্লেখ কৰি প্ৰফুল্ল বৰাৰ লগত থকা আত্মীয়তাৰ বিষয়ে কৈ আবেগিক হৈ পৰে । তেওঁ কয় যে, 'অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত গৌৰৱময় ধাৰা প্ৰফুল্ল বৰাই জীয়াই ৰাখিছিল । তেওঁ অসমৰ মাটিৰ গোন্ধ থকা নাটক প্ৰথম ভ্ৰাম্যমাণলৈ আনিছিল । তেওঁৰ নাটকৰ বিষয়বস্তু আৰু সংলাপ আছিল অপূৰ্ব ।' দৰং জিলা সাহিত্য সভাৰ মঙলদৈ প্ৰকল্পত অনুষ্ঠিত হোৱা এই সভাত ঢেকিয়াজুলী লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই নিৰ্দিষ্ট বক্তাৰ ভাষণত ২৫০ খনতকৈয়ো অধিক নাটক ৰচনাৰে অসমীয়া নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা যশস্বী নাট্যকাৰ প্ৰফুল্ল বৰাৰ নামত অসম সাহিত্য সভাই এটা ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ।

smiriti day celebrate by sahitya sabha
প্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা এই সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলীয়ে । তেজপুৰ বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা এই সভাত সভাপতি ড0 কুলধৰ শইকীয়াই সভাপতিৰ ভাষণত কয় যে, অসম সাহিত্য সভা অকল সাহিত্য কৰাসকলৰ অনুষ্ঠান নহয়, অসমক ভালপোৱা সকলো লোকক সাহিত্য সভাৰ লগত সংযোগ কৰিব লাগে । অসমৰ সাহিত্য-সংস্কৃতি ডিজিটেল মাধ্যমেৰে বিশ্ব দৰবাৰলৈ নিয়াৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰি তেওঁ কয়,ভাষা-সংস্কৃতি ধ্বংস হ'ল বুলি আনক দোষ জাপি দিয়াৰ প্ৰৱণতা এৰিবৰ হ’ল । অসমীয়া ভাষা - সংস্কৃতি উজ্জীৱিত কৰাৰ বাবে আমি সকলোৱে 'চেলেঞ্জ' হিচাপে লৈ কাম কৰিব লাগে । শংকৰদেৱ কলাক্ষেত্ৰত অসম সাহিত্য সভাই গ্ৰন্থ বিপণী খোলাৰ দৰে জিলা আৰু শাখা সাহিত্য সভাসমূহতো গ্ৰন্থ অধ্যয়ণৰ এক আন্দোলন সূচনা কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় । ছাত্ৰ ছাত্ৰীসকলক সাধুকথা কোৱা আৰু নীতি শিক্ষাৰ জ্ঞান বিস্তাৰিত কৰাৰ লগতে সাহিত্য সভাৰ মঞ্চত নৱপ্ৰজন্মক প্ৰাধান্য দিয়াৰ বাবেও তেওঁ সকলোকে আহ্বান জনায় ।

অসম সাহিত্য সভাৰ ২০২০ - ২০২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথম কেন্দ্ৰীয় কাৰ্য্যসূচীলৈ অহা অসম সাহিত্য সভাৰ সভাপতি ড0 কুলধৰ শইকীয়াক আজি দৰঙৰ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় । দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈনেন্দ ৰাজবংশী, ৰাজ্য ভাষা-মাতৃ ভাষাৰ আঞ্চলিক কাৰ্যালয়ৰ আহ্বায়ক ৰাণা আলমে ফুলাম গামোচাৰে শইকীয়াক আদৰণি জনাই । সভাখনৰ আঁত ধৰে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ আৰু দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে । শলাগৰ শৰাই আগবঢ়াই অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক পংকজ বৰুৱাই ।

লগতে পঢ়ক: ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.