ETV Bharat / state

উন্নয়নৰ নগ্ন স্বৰূপঃ বিপদজ্জনকভাৱে বাঁহৰ সাঁকোৰে আহ-যাহ শিক্ষাৰ্থীৰ

author img

By

Published : Jun 27, 2019, 7:03 PM IST

এইখন অসমতে আছে এখন ঠাই য'ত বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ আহ-যাহ কৰে শিক্ষাৰ্থীয়ে ৷ চাওক এই প্ৰতিবেদন ৷

উন্নয়নৰ নগ্ন স্বৰূপ

দলগাঁও, 27 জুনঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা দৰঙ জিলাৰ একমাত্ৰ সমষ্টি দলগাঁৱৰ উন্নয়নৰ এক নগ্ন ছবি ৷ স্বাধীনতাৰ 71 বছৰ পিচটো সমষ্টিবাসীয়ে লাভ নকৰিলে এখন পকী দলং ৷ বিগত বৰ্ষসমূহত স্থানীয় বিধায়ক ইলিয়াচ আলীক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিচটো সমষ্টিবাসীয়ে লাভ নকৰিলে অতিকে প্ৰয়োজনীয় দলংখন ৷

উন্নয়নৰ নগ্ন স্বৰূপ

সমষ্টিটোৰ দলগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কাচোমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথতে আছে এইখন সাঁকো, যিখন সাঁকোৰে প্ৰতিদিনে পাৰ হয় বহুসংখ্যক শিক্ষাৰ্থী ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান শিক্ষক ৰমজান আলী আৰু স্থানীয় ৰাইজে লগ-লাগি এইখন সাঁকো নিৰ্মাণ কৰিছিল যদিও বৰ্তমানে জৰাজীৰ্ণ হৈ পৰিছে সাঁকোখন ৷ চবকা সাথ চবকা বিকাশৰ শ্লোগান দিয়া বিজেপি চৰকাৰে শিক্ষাৰ্থীসকলে কিদৰে বিদ্যালয়লৈ অহা-যোৱা কৰি আছে তাক এবাৰ প্ৰত্যক্ষ কৰি উক্ত স্থানত এখন দলং নিৰ্মাণ কৰি দিব বুলি আশা কৰিছে স্থানীয় ৰাইজে ৷

Intro:Slug=Bamboo_Bridge_
Byte=Teachers
Reporter=Abdul Hakim

## দলগাঁৱত উন্নয়নৰ নগ্ন স্বৰূপ ##
## ঢলং পলং বাহৰ সাকোঁৰে কন কন ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়লৈ যাত্ৰা ।
## হাতত ধৰি ছাত্ৰ ছাত্ৰীক শিক্ষক অভিভাৱকে পাৰ কৰে সাকোঁ ।

Body:দলগাও /২৭ জুন
" ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ দৰঙৰ দলগাও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ইলিয়াচ আলিৰ উন্নয়নৰ নগ্ন স্বৰূপ । বিগত চাৰি পাচ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভুগিছে দলগাও শিক্ষাখণ্ডৰ কাচোমাৰী এল পি স্কুলৰ কন কন ছাত্ৰ ছাত্ৰী ও শিক্ষক শিক্ষয়িত্ৰী । বিদ্যালয় সংযোগী একমাত্ৰ পথত থকা মাত্ৰ ৩০/৪০ ফুট বহল নৈ খনৰ ওপৰত কোনো ধৰণৰ সাঁকো কিম্বা দৰং নথকাত বিগত বৰ্ষত গুনোৎসবৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক ও অভিভাৱক সকলে ছাত্ৰ ছাত্ৰীক কল গছৰ ভুৰ ও কান্ধত তুলি পাৰ কৰিছিল নৈ । পিছলৈ প্ৰধান শিক্ষক ৰমজান আলি আৰু স্থানীয় ৰাইজে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি দান বৰঙণিৰে নৈ খনৰ ওপৰত নিৰ্মাণ কৰা বাহৰ সাকোঁৰে ছাত্ৰ ছাত্ৰী সকল অহা যোৱা কৰে যদিও বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে একমাত্ৰ সাঁকোখন । দুৰ্ঘটনা সংঘটিত হোৱাৰ ভয়ত ঢলং পলং সাকোঁৰে মৰণক শৰণ দি অহা যোৱা কৰা কন কন ছাত্ৰ ছাত্ৰী সকলক শিক্ষক শিক্ষয়িত্ৰী ও অভিভাৱক সকলে হাতত ধৰি পাৰ কৰে জৰাজীৰ্ণ বাহৰ সাঁকোখন ।

Conclusion:। স্থানীয় বিধায়ক ইলিয়াচ আলি আৰু" সবকা সাথ সবকা বিকাশ " শ্লোগান দিয়া বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয় ।

আব্দুল হাকিম ।
দলগাও
*

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.