ETV Bharat / state

দৰঙত ভাৰতীয় ষ্টেট বেংকৰ লোন মেলা - ঋণৰ সুবিধা

মঙলদৈত ভাৰতীয় ষ্টেট বেংকৰ লোন মেলা ৷ পদপথৰ ব্যৱসায়ী, আত্মসহায়ক গোটলৈ ঋণৰ সুবিধা প্ৰদান কৰিছে ভাৰতীয় ষ্টেট বেংকে ৷ ভাৰতবৰ্ষৰ পিচ পৰা জিলাসমূহৰ ভিতৰত দৰং জিলাই বিত্তীয় সক্ষমতাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

SBI at darrang provides loan to SHG and street vendor

author img

By

Published : Nov 5, 2020, 10:19 AM IST

দৰং, 5 নবেম্বৰ : ভাৰতীয় ষ্টেট বেংকৰ মঙলদৈ শাখাৰ উদ্যোগত বুধবাৰে স্থানীয় সৈনিক ভৱনত এটা লোন মেলা অনুষ্ঠিত হৈ যায় । এই লোন মেলাত ভাৰতীয় ষ্টেট বেংকৰ মঙলদৈ শাখা, মঙলদৈ বজাৰ শাখা, খাৰুপেটীয়া শাখা আৰু দলগাঁও শাখাৰ অন্তৰ্গত ৭৮ গৰাকী পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটলৈ ঋণ প্ৰদানৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । অনুষ্ঠানত দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ মহা প্ৰৱন্ধক সুৰঞ্জনা দত্ত, আঞ্চলিক প্ৰৱন্ধক(তেজপুৰ) সঞ্জীৱ কুমাৰ দেৱ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

ঋণ পত্ৰ বিতৰণ উপলক্ষে হোৱা সভাত ভাষণ প্ৰদান কৰি উপায়ুক্ত দিলীপ কুমাৰ বৰাই কয়, ভাৰতবৰ্ষৰ পিচ পৰা জিলাসমূহৰ ভিতৰত দৰং জিলাই বিত্তীয় সক্ষমতাৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ধাৰা অটুত ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনাইছে । গ্ৰাম্যাঞ্চলৰ লোকসকলক কৃষি কৰ্মত ভালদৰে নিয়োজিত হৈ অধিকৰ পৰা অধিকতম উৎপাদন কৰাৰ বাবে চেষ্টা কৰিবলৈ কয় ।

দৰঙত ভাৰতীয় ষ্টেট বেংকৰ লোন মেলা

কৃষকৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে । আনহাতে, ভাৰতীয় ষ্টেট বেংকৰ মহা প্ৰৱন্ধক সুৰঞ্জনা দত্তই ঋণ লাভ কৰা লোক সকলক তেওঁলোকে যি কামেই কৰে সেইকাম সততাৰে কৰি অধিক উপাৰ্জনক্ষম হবলৈ আহ্বান জনায় । ঋণ লোৱা ধন বেংকত পৰিশোধ নকৰাৰ মানসিকতা পৰিত্যাগ কৰি বেংকৰ আস্থাভাজন হৈ নিজৰ লগতে সমাজৰো আৰ্থিক উন্নয়নৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায় । সভাত মঙলদৈ শাখাৰ মুখ্য পৰিচালক উত্তম কলিতাও উপস্থিত থাকে এই অনুষ্ঠানত ।

লগতে পঢ়ক : ভাবুকি ভৰা ফোন ক’ল লাভ কৰাৰ পিচতে দিল্লী বিমান বন্দৰৰ সুৰক্ষা ব্যৱস্থা বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.