ৰৌতা,০৭ অক্টোবৰ: জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ওৰাঙৰ গৰুবন্ধাত ধৰ্মালোচনী সভা(574th birth anniversary of Sankardev) । জামুগুৰিৰ চক্ৰপাণি খেল সত্ৰৰ উদ্যোগত আৰু অসম মহাপুৰুষীয়া সত্ৰ সমাজ, পশ্চিম শোণিতপুৰ জিলা সমিতি, বৰছলা আঞ্চলিক সমিতিৰ সহযোগত ৪ অক্টোবৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী (Sankardev 574th birthday celebrated in Rauta)।
অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা, ধৰ্মধজ্বা উত্তোলন, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে উদ্যোক্তা সমিতিয়ে । লগতে চক্ৰপাণি খেল সত্ৰৰ উদ্যোগত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ সৈতে সংগতি ৰাখি এখনি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয় । ধৰ্মালোচনী সভাখন পশ্চিম শোণিতপুৰ জিলা সমিতিৰ উপদেষ্টা শ্ৰী ললিত চন্দ্ৰ বৰাই উদ্ধোধন কৰাৰ পাছতেই আৰম্ভ হয় সমূহীয়া গুৰুবন্দনা কাৰ্যসূচীৰ ।
মহাপুৰুষীয় সত্ৰ সমাজৰ সভাপতি তথা শোণিতপুৰ জিলাৰ সত্ৰ সমাজৰ সভাপতি শ্ৰী খগেন কোঁচে সভাপতিত্ব কৰা ধৰ্মালোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক তথা সমাজ সেৱক কোষেশ্বৰ বৰা ৷ ধৰ্মালোচনী সভাখনত বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত সাৰুৱা বক্তব্য দাঙি ধৰে । আনহাতে ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ টংকেশ্বৰ নাথে ।
ধৰ্মালোচনী সভাখনত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ(MP Dilip Saikia) লগতে ৩৯ নং বিটিচি পৰিষদীয় সমষ্টিৰ পাৰিষদ দীপক মৌৰ উপৰিও স্থানীয় বহু লোক উপস্থিত থাকে । গুৰুজনাৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজিত চাৰিদিনীয়া কাৰ্যসূচীত আজি পুৱাৰে পৰা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: দিল্লী বিমান বন্দৰত জব্দ ২৭ কোটিটকীয়া ঘড়ী