ETV Bharat / state

মঙলদৈত বান বিধস্ত অঞ্চল পৰিদৰ্শন ৰিপুন বৰাৰ

শুকুৰবাৰে মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চৰ অঞ্চলৰ বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কৰে ৷ সামাজিক দূৰত্ব পৰিহাৰ কৰি বৃহৎ সংখ্যক সদস্য লৈ কৰা এই যাত্ৰাক লৈ সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়া ৷

author img

By

Published : Jul 25, 2020, 4:41 AM IST

মঙলদৈত বান বিধস্ত অঞ্চল পৰিদৰ্শন ৰিপুন বৰাৰ
মঙলদৈত বান বিধস্ত অঞ্চল পৰিদৰ্শন ৰিপুন বৰাৰ

দৰং, 25 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ মঙলদৈতো দেখা গৈছে বানৰ তাণ্ডৱ ৷ শুকুৰবাৰে মঙলদৈত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই চৰ অঞ্চলত ভুটভুটি নাওৰে বান বিধস্ত অঞ্চল পৰিভ্ৰমণ কৰে ৷

ৰাজ্যত ভয়ংকৰ ভাৱে সংক্ৰমণ হোৱা কৰ’ণা আতংকৰ মাজত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত যোৱা 200 ৰ পৰা 250 জনীয়া দলটোৰ মাজত দেখা পোৱা নাযায় কিন্তু সামাজিক দূৰত্ব । আনকি অধিকাংশই পৰিধান নকৰে মাস্ক ৷ আনকি নিৰপত্তাৰক্ষী বাহিনীৰ লোকেও মাস্ক পৰিধান কৰা পৰিলক্ষিত নহয় । ইয়াকে লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া ।

ৰিপুন বৰাই বানপীড়িতৰ খবৰ লবলৈ নহয়, চৰ অঞ্চলত কৰণা বিয়পাবলৈহে যোৱাৰ অভিযোগ উত্থাপন হয় । এখন সাধাৰণ ভুটভুটি নাওত 200/250 জন লোক যাব পাৰেনে ইয়াক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

ৰিপুন বৰাৰ এই যাত্ৰাত দৰং জিলা কংগ্ৰেছৰ সভাপতি ৱাহিদা আহমেদ, দলগাওঁৰ বিধায়ক ইলিয়াচ আলি সহ আগন্তুক বিধানসভা নিৰ্বাচনৰ বহু প্ৰাথীত্ব প্ৰত্যাশী নেতাও সংগ দিয়ে ৷ কিন্তু দৰঙৰ দুই প্ৰভাৱশালী কংগ্ৰেছ নেতা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী আৰু প্ৰাক্তন মন্ত্ৰী বসন্ত দাসক প্ৰদেশ কংগ্ৰেছৰ সভাপতি অহাৰ খবৰ নিদিয়াত জিলা কংগ্ৰেছীৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰং জিলা পৰিভ্ৰমণ কাৰ্যক লৈ ক্ষোভ ৰিপুণ বৰাৰ ৷ বান বিধস্ত এলেকা পৰিদৰ্শনৰ বাবে অহা চৰকাৰী কাৰ্যসূচীত দলগাঁও বিধায়ক নিমন্ত্ৰণ নকৰাকলৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ এই কাৰ্যই সংবিধান আৰু দলগাঁওৰ ৰাইজক অপমান কৰা বুলি কয় বৰাই ৷ আনহাতে মূৰ্খ নে পণ্ডিত সেই প্ৰমাণ পত্ৰ হিমন্ত বিশ্ব শৰ্মাই দিব নালাগে বুলিও কটাক্ষ কৰে ৰিপুণ বৰাই ৷ আনহাতে আগন্তুক নিৰ্বাচনত 100 খন আসন পাম কোৱা হিমন্ত বিশ্ব শৰ্মাক ওলোটা প্ৰশ্ন বৰাৰ ৷

লগতে চাওক-স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ব্যৰ্থ মন্ত্ৰীঃ সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.