কৰিমগঞ্জ, 27 জানুৱাৰীঃ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ দিনা কৰিমগঞ্জ চহৰত 100 মিটাৰ দীঘলিয়া জাতীয় পতাকা লৈ শোভাযাত্ৰা উলিৱালে ৰাষ্ট্ৰীয় বজৰং দলে | দেশ ভক্তিমূলক গীতৰ তালে তালে তিৰংগা যাত্ৰাৰে চহৰখনৰ বিভিন্ন ৰাজপথ পৰিক্ৰমা কৰে সংগঠনটোৰ সদস্যসকলে ৷ উল্লেখ্য যে এই তিৰংগা যাত্ৰাত "CAA" ৰ সমৰ্থন জনোৱা হয় ৷ হাতে হাতে প্লে-কাৰ্ড লৈ, বিভিন্ন শ্লেগানেৰে "CAA" ৰ সমৰ্থন জনায় সংগঠনটোৱে ৷
আনহাতে সমগ্ৰ দেশতে দেওবাৰে উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ।এই দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ খাৰুপেটীয়াত উলিওৱা হয় তিৰংগা যাত্ৰা । ৭১ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিৰ্দ্যাৰ্থী পৰিষদ (ABVP) খাৰুপেটীয়া শাখাৰ উদোগত ৭১ মিটাৰ দৈৰ্ঘ্যৰ প্ৰতীকি তিৰংগা লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে " তিৰংগা যাত্ৰা " উলিওৱা হয় । ভাৰতবৰ্ষৰ '' অখণ্ডতা আৰু ঐক্য " মূল মন্ত্ৰ হিচাপে লৈ আয়োজন কৰা তিৰংগা যাত্ৰাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে নগৰখনৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।