ETV Bharat / state

মঙলদৈৰ শাকতোলা নদীৰ মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

অৱশেষত সম্পূৰ্ণ হ'ল মঙলদৈৰ শাকতোলা নদীৰ মথাউৰীৰ মেৰামতিৰ কাম ৷ 26 জুনত শাকতোলা নদীৰ প্ৰবল সোঁতে উটুৱাই লৈ গৈছিল মাথাউৰি ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতেই জলসম্পদ বিভাগে গুৰুত্ব প্ৰদান কৰি নিদিষ্ট সময়ৰ ভিতৰতে উক্ত মাথাউৰিৰ কাম সম্পূৰ্ণ কৰি তোলে ৷

REPAIRING MANGALDOI DAM
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সম্পূৰ্ণ হ'ল মঙলদৈৰ শাকতোলা নদীৰ মথাউৰিৰ মেৰামতিৰ কাম
author img

By

Published : Jul 29, 2020, 6:02 PM IST

দৰং, 29 জুলাই : অৱশেষত সম্পূৰ্ণ হ'ল মঙলদৈৰ শাকতোলা নদীৰ মথাউৰীৰ মেৰামতিৰ কাম ৷ 26 জুনত শাকতোলা নদীৰ প্ৰবল সোঁতে উটুৱাই লৈ গৈছিল মাথাউৰি ৷ যাৰফলস্বৰূপে অনাকাংক্ষিত বিপদৰ সন্মুখীন হৈছিল অঞ্চলবাসী ৰাইজে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সম্পূৰ্ণ হ'ল মঙলদৈৰ শাকতোলা নদীৰ মথাউৰিৰ মেৰামতিৰ কাম

আনহাতে,মাথাউৰিটো উটুৱাই লৈ যোৱাৰ পিচত এটা মাহতে অহা তিনিবাৰকৈ বানত সৰ্বশ্ৰান্ত হৈছিল কবিকাৰা,কেওঁতপাৰা,দাহীকে ধৰি প্ৰায় 10 খনৰো অধিক গাঁও ৷ জানিব পৰা মতে, 26 জুনত মঙলদৈ সমষ্টিৰ অন্তর্গত জনাৰাম চৌকাত মাথাউৰিটো ছিঙি লৈ যোৱাৰ পিচতে উক্ত অঞ্চল পৰিদৰ্শন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত অঞ্চল পৰিদৰ্শন কৰি 1 সপ্তাহৰ ভিতৰতে মাথাউৰিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিচতেই জলসম্পদ বিভাগে গুৰুত্ব প্ৰদান কৰি নিদিষ্ট সময়ৰ ভিতৰতে উক্ত মাথাউৰিৰ কাম সম্পূৰ্ণ কৰি তোলে ৷ শেহতীয়াভাৱে মাথাউৰিৰৰ কাম সম্পূৰ্ণ হোৱাৰ পিচতে কৃষক সকলে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো পলমকৈ হলেও খেতি কৰিব পৰিব খেতিয়ক সকলে ৷ লগতে,মথাউৰিৰ মেৰামতিৰ কাম নিদিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে বিধায়ক গুৰুজ্যোতি দাসৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসী ৰাইজে ৷

উল্লেখ্য যে,অসম দুৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘণ্টাৰ তথ্য অনুসৰি,সংহাৰী বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে,বৰ্তমান ৰাজ্যখনত বানাক্ৰান্তৰ সংখ্যা হৈছে 17,79,854 গৰাকী ৷ মুঠ 22 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷ সম্প্ৰতি বানৰ ফলত 61 টা ৰাজহ চক্ৰৰ প্ৰায় 1,831 খন গাঁও প্লাৱিত হোৱাৰ বিপৰীতে 1,03,609,71 হেক্টৰ কৃষিভূমি বানৰ কবলত ৷ বৰ্তমান ৰাজ্যৰ 225 টা আশ্ৰয় শিবিৰত 41,928 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : বনৰীয়া হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে নুমলীগড়বাসী ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.