মঙলদৈ, 30 অক্টোবৰ : মহামাৰী কৰ'ণাই সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে ঘোষনা কৰা লকডাউনৰ কৱলত সাধাৰণ জনতাৰ জনজীৱন দুৰ্বিসহ হৈ পৰিছে । কোভিড-19 মহামাৰীৰ এই প্ৰলয় কালত ভাৰতীয় ৰেডক্ৰছ ছচাইটিৰ দৰং জিলা শাখাৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত কেতবোৰ দৈন্দন্দিন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হয় ৷ প্ৰলয়ংকৰী বানে জিলাখনত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তো দুৰ্গতসকলৰ বাবে বিভিন্ন ধৰনৰ লাগতিয়াল সামগ্ৰী প্ৰদান কৰিছিল আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে ।
কৰ'ণা আৰু বানপানীৰ সময়ত মঙলদৈৰ সাংবাদিকসকলে নিৰলস আৰু নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ পৌৰহিত্যত হোৱা এক অনুষ্ঠানত সাংবাদিক সকলকো ৰেডক্ৰছৰ তৰফৰ পৰা দৈনিক প্ৰয়োজনীয় কেতবোৰ সামগ্ৰী প্ৰদান কৰে ।
লগতে পঢ়ক: জীয়াঢলৰ বানত সৰ্বস্বান্ত বন্যাৰ্তক লৈ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন