দৰং, ১৮ এপ্ৰিল : জাতিটো এক হোৱাৰ বতৰতে একাংশ মানৱ দৰদী লোকৰ প্ৰশংসনীয় পদক্ষেপ । 'মানুহে মানুহৰ বাবে' সংগঠন আৰু 'ৰেডক্ৰছ চচাইটিৰ দৰং জিলা সমিতিয়ে' দাঙি ধৰিলে মাানৱতাৰ নিদৰ্শন । যোৱা কেইবাটাও দিনত অহা ধুমুহাত ক্ষতিগ্ৰস্ত(Help to the victims of the storm) আৰু ৰোগাক্ৰান্ত লোকলৈ আগবঢ়ালে সহায়ৰ হাত ।
ৰঙালী বিহুৰ এই ভৰপক সময়তে মানৱতাবাদী সংগঠন দুটাই সোমবাৰে ধুমুহাত বিধ্বস্ত বেজপাৰা নিৱাসী অৰ্চনা ডেকা আৰু কৰ্কট ৰোগত আক্ৰান্ত মেধিপাৰাৰ কমল ডেকাক বিভিন্ন সা-সামগ্ৰীৰ লগতে নগদ ধন প্ৰদান কৰে । জানিব পৰা মতে, দুটি পুত্ৰ সন্তানৰ সৈতে তিনিটা জুপুৰিত বসবাস কৰা স্বামীহাৰা অৰ্চনা ডেকাৰ ঘৰটো ১৫ এপ্ৰিলৰ নিশা ধুমুহাত বিধ্বস্ত হৈ পৰিছিল ।

ইতিমধ্যে স্থানীয় যুৱক সকলে কিছু সাহাৰ্য আগবঢ়াই দৰিদ্ৰ পৰিয়ালটোক সকাহ দিছে । সোমবাৰে ৰেডক্ৰছ চচাইটিৰ পৰা ত্ৰিপাল, কম্বল, বাচন বৰ্তন আদি সামগ্ৰী প্ৰদান কৰা হয় । আনহাতে মানুহে মানুহৰ বাবে সংগঠনটোৱে পৰিয়ালটোলৈ তিনি হাজাৰ টকা আৰু কাপোৰ প্ৰদান কৰে ।
আনহাতে চপাই মেধিপাৰা নিৱাসী কমল ডেকাৰ চিকিৎসাৰ বাবে নগদ দুহেজাৰ টকা সংগঠনটোৱে প্ৰদান কৰাৰ লগতে কৰুণাধাৰাৰ প্ৰ-পত্ৰখন প্ৰদান কৰে । 'মানুহে মানুহৰ বাবে সংগঠনটোৰ সম্পাদক গণেশ দত্তৰ নেতৃত্বত যোৱা দলটোত আছিল উপদেষ্টা হৰি চন্দ্ৰ শৰ্মা, উপসভাপতি এনী ভূঞা ডেকা, হিমাংশু কুমাৰ দাস, কিৰীতি বৰা, জয়ন্ত শৰ্মা, কোষাধ্যক্ষ ৰাতুল ডেকা, সদস্য সুব্ৰত শীল, পংকজ চহৰীয়া, চন্দনা ভাৰতী আদি ।

সংগঠন দুটাৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । অনাগত দিনত এনেদৰেই অসহায় লোকৰ সাৰথি হৈ যোৱাৰ আশ্বাস প্ৰদান কৰে সংগঠন দুটাৰ কৰ্ম-কৰ্তাসকলে ।
লগতে পঢ়ক: পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্রীবাহী ফেৰী