ETV Bharat / state

মঙলদৈত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ৰাস মহোৎসৱ

author img

By

Published : Nov 30, 2020, 12:53 PM IST

মঙলদৈত ক’ভিড প্ৰট’কল মানি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল মঙলদৈ ৰাসোৎসৱ ৷ সম্পূৰ্ণ বৈদিক প্ৰথাৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদকত্ৰয় প্ৰমোদ চন্দ্ৰ শৰ্মা, ভৱানন্দ কলিতা আৰু দিলীপ কুমাৰ ডেকাই আঁত ধৰা এই অনুস্থান পুৱা ১০.১৫ বজাত মঙলদৈ সনাতন ধৰ্ম সভাৰ সভাপতি চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ পিচতে ৰাসোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অতুল গোস্বামীয়ে স্মতি তৰ্পন কৰে ।

মঙলদৈত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ৰাস মহোৎসৱ
মঙলদৈত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল ৰাস মহোৎসৱ

দৰং, 30 নৱেম্বৰ : মঙলদৈ সনাতন ধৰ্ম সভাৰ উদ্যোগত দেওবাৰে ক’ভিড প্ৰট’কল মানি এদিনীয়াকৈ মঙলদৈ নদীৰ পাৰত ৪১ সংখ্যক ৰাসোৎসৱ উদযাপন কৰা হয়। বিগত বছৰবোৰত এক হাজাৰৰো অধিক মৃন্ময় মূৰ্তি প্ৰদৰ্শন, আনন্দ মেলা আদি অনুষ্ঠিত হোৱাৰ লগতে লক্ষাধিক ভক্তৰ সমাগম হয়।

বিগত বৰ্ষবোৰত ১১ দিনীয়াকৈ ৰাসোৎসৱ উদযাপন হয় যদিও এইবাৰ অনুষ্টুপীয়াকৈ আয়োজনেৰে এদিনীয়াকৈ উদযাপন কৰে ৰাস মহোৎসৱ । সম্পূৰ্ণ বৈদিক প্ৰথাৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদকত্ৰয় প্ৰমোদ চন্দ্ৰ শৰ্মা, ভৱানন্দ কলিতা আৰু দিলীপ কুমাৰ ডেকাই আঁত ধৰা এই অনুস্থান পুৱা ১০.১৫ বজাত মঙলদৈ সনাতন ধৰ্ম সভাৰ সভাপতি চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ পিচতে ৰাসোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অতুল গোস্বামীয়ে স্মৃতি তৰ্পন কৰে ।

দিনৰ ১১ বজাত ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভা উদ্বোধন কৰে ৰাস উদযাপন সমিতিৰ সভাপতি গোলোক চন্দ্ৰ শইকীয়াই । বিয়লি ৪.৩০ বজাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে ৰাসোৎসৱ উদ্বোধন কৰে। উল্লেখ যে, ৰাসোৎসৱস্থলীত সমবেত সকলো লোকে মাস্ক পৰিধান কৰাৰ উপৰিও সকলোৱে ক’ভিড প্ৰট’কল বাধ্যতামূলক ভাৱে মানি চলে ।

লগতে পঢ়ক:পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত জয়সাগৰ দলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.