ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট - শ্ৰমিকৰ শ্ৰম নীতি সংশোধন

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ৷ সমগ্ৰ দেশৰ লগতে দৰঙটো দেখিবলৈ পোৱা গ'ল ইয়াৰ ব্যাপক প্ৰভাৱ ৷

As_drg_protest_at_darrang_img_10006
কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট
author img

By

Published : Nov 26, 2020, 4:04 PM IST

দৰং,26 নৱেম্বৰ: বৃহস্পতিবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ আহ্বানত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশজুৰি ঘোষণা কৰিছিল সাধাৰণ ধৰ্মঘট ৷ সমগ্ৰ দেশৰ লগতে দৰঙতো দেখিবলৈ পোৱা গ'ল ইয়াৰ ব্যাপক প্ৰভাৱ ৷ মঙলদৈ ভেবাৰঘাটৰ পশ্চিম মঙলদৈ কৃষ্টি সংঘৰ খেলপথাৰত চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত সৰ্বাত্মক সাধাৰণ ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক-শ্ৰমিকসকলে।

As_drg_protest_at_darrang_img_10006
কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট

অত্য়াৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকৰ শ্ৰম নীতি সংশোধন, কৃষি আইন বাতিল, ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ধৰ্মঘটস্থলীৰ পৰাই অসমৰ মৃতপ্ৰায় উদ্যোগ সমূহ পুনৰোজ্জীৱিত কৰাৰ দাবীৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ অন্যথা দেশজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনসমূহে ৷

লগতে পঢ়ক: কৰিমগঞ্জত শ্ৰমিকৰ বিভিন্ন দাবীৰে চিটুৰ ভাৰত বন্ধ পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.