ETV Bharat / state

MP Dilip Saikia: মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ সংবাদমেল

author img

By

Published : Jun 8, 2023, 8:20 PM IST

মঙলদৈত সাংসদ সম্পাদক দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন ৷ 10 টা বিধানসভা সমষ্টিৰ সাংবাদিকসকলক লৈ সংবাদ মেল অনুষ্ঠিত কৰে সাংসদগৰাকীয়ে (MP Dilip Saikia Press Meet) ৷

MP Dilip Saikia Press Meet
সাংসদ দিলীপ শইকীয়াৰ সংবাদমেল

দৰং, 8 জুন: লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈছে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৷ মঙলদৈত সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন ৷ 10 টা বিধানসভা সমষ্টিৰ সাংবাদিক সকলকলৈ সংবাদ মেল সাংসদগৰাকীৰ ৷ সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে সাংসদ গৰাকীয়ে (Press Meet of MP Dilip Saikia in Mangaldoi) ৷

সংবাদমেলত বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি হোৱা সন্দৰ্ভত অকপট স্বীকাৰোক্তি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ৷ দলগাঁৱত সংস্থাপিত কৰা লোকসকলৰ পৰা সাংসদগৰাকীয়ে মধ্যভোগীৰ জৰিয়তে ধন লোৱা বিষয়টো অস্বীকাৰ কৰে ৷ এই বিষয় সন্দৰ্ভত যি সকলে তথ্য বিহীনভাবে অভিযোগ উত্থাপন কৰিছিল তেওঁলোকৰ বিৰুদ্ধে মঙলদৈ সদৰ থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে ৷ ইফালে বৰ্তমান দেশৰ সামগ্ৰিক বিকাশৰ বাবে হাৱাই ছেণ্ডেল পিন্ধা জনসাধাৰণেও হাৱাই জাহাজত ভ্ৰমণ কৰি পাৰে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে (Press Meet of MP Dilip Saikia) ৷

উল্লেখযোগ্য যে, বিজেপি চৰকাৰৰ 9 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আৰম্ভ হৈছে মহা জনসম্পৰ্ক অভিযান ৷ এই উপলক্ষে আজি অৰ্থাৎ বৃহস্পতিবাৰে দৰং জিলাৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংসদ দিলীপ শইকীয়াই মঙলদৈ লোকসভা সমষ্টিৰ 10 টা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাংবাদিক সকলক লৈ এক সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলত বিজেপিৰ 9 বছৰীয়া কাৰ্যকালৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়নৰ খতিয়ান দাঙি ধৰে সাংসদ গৰাকীয়ে ৷ লগতে তেওঁ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক আঁচনিত প্ৰায় 10 কোটি টকা ব্যয় কৰা হৈছে বুলি অৱগত কৰে (BJP Janasamparka Campaign) ৷

সংবাদ মেলৰ পিছতেই মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিজেপিৰ সামাজিক মাধ্যমৰ এখনি জৰুৰী বৈঠক অনুষ্ঠিত কৰে সাংসদ দিলীপ শইকীয়াই ৷ বৈঠক তথা সংবাদ মেলত সাংসদ গৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক দিগন্ত কলিতা আৰু বিধায়ক পৰমানন্দ ৰাজবংশী (MP Dilip Saikia) ৷

লগতে পঢ়ক: BJP Janasamparka Campaign: বৰ্তমান সময়ত শান্তিৰ অসম ঘূৰি আহিছে - ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.