ETV Bharat / state

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে ছিপাঝাৰবাসীক - গড়কাপ্তানি বিভাগ

পথটোৰ পুখুৰী সদৃশ গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু যান-বাহন

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভূগাইছে ছিপাঝাৰবাসীক
author img

By

Published : May 18, 2019, 4:17 AM IST

Updated : May 18, 2019, 9:27 AM IST

দৰং,18 মেঃ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু বিষয়া-কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই ৷ ছিপাঝাৰৰ পথৰ জৰাজীৰ্ণ অৱস্থাই লৈছে ভয়ানক ৰূপ ৷ ছিপাঝাৰৰ দিপীলা-মুক্তাপুৰ সংযোগী গড়কাপ্তানি পথে জীয়াতু ভোগাইছে সাধাৰণ জনতাক ৷ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যস্ত এই পথটোৰ দৰং কামৰূপ সীমান্তৰ বালিকুছিৰ বৃহৎঅংশ দীৰ্ঘ কাল ধৰি বিধ্বস্ত হৈ থকাৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ ফলত হাহাকাৰ সৃষ্টি হৈছে পথচাৰীৰ লগতে বিভিন্ন যান-বাহনেৰে অহা যাত্ৰী সকলৰ ৷ ইতিমধ্যে,পথটোৰ পুখুৰী সদৃশ গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু যান-বাহন৷ টংলা ওদালগুৰিৰ পৰা গুৱাহাটীলৈ এই পথটো অতি চমু হোৱা হেতুকে এসময়ত এই পথেৰে নিয়মীয়াকৈ বাছ চলাচল কৰিছিল৷ কিন্তু মেৰামতিৰ অভাৱত বিধস্ত হোৱা পথছোৱাৰে বন্ধ হৈ পৰিল বাছ সেৱা । ৰাইজে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ৷

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভূগাইছে ছিপাঝাৰবাসীক

উল্লেখযোগ্য যে,নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পশ্চিম দৰঙলৈ স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুবাৰ অঞ্চলটোলৈ আহিছিল যদিও আকাশী পথৰে অহাৰ বাবে তেওঁলোকৰ চকুৰ আঁতৰত থাকি গল ৰাইজৰ এই দুদৰ্শাৰ ছবি ।

as_drg_pwd road_vis_byte_as10006【ftp】

Anchor:  গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ ফল ভোগ কৰিছে সাধাৰণ জনতাই। ছিপাঝাৰৰ  পথৰ জৰাজীৰ্ণ অৱস্থাই লৈছে ভয়ানক ৰূপ ।

V/O: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ এইটো  ছিপাঝাৰৰ দিপীলা - মুক্তাপুৰ সংযোগী গড়কাপ্তানি পথ। ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ সমষ্টিৰ এই পথটোৱে যমৰ যাতনা ভোগাইছে সাধাৰণ পথচাৰীক। অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যস্ত এই পথটোৰ  দৰং কামৰূপ সীমান্তৰ বালিকুছিৰ বৃহৎ অংশ দীৰ্ঘ কাল ধৰি এনেদৰে বিধস্ত হৈয়েই থাকিল। যাৰ ফলাফলত হাহাকাৰ হৈছে পথচাৰী আৰু যান বাহন সমূহৰ। পথটোৰ পুখুৰী সদৃশ গাতত পৰি ইতিমধ্যেই বহু বাহন দুৰ্ঘটনাত পতিত হৈছে। টংলা ওদালগুৰিৰ পৰা গুৱাহাটীলৈ এই পথটো অতি চমু হোৱা হেতু এসময়ত নিয়মীয়া বাছ চলিছিল। কিন্তু মেৰামতিৰ অভাৱত বিধস্ত হোৱা এই পথ অংশৰ বাবেই বাছ সেৱা বন্ধ হৈ পৰিল। ৰাইজে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো গুৰুত্ব প্ৰদান নকৰিলে। উল্লেখযোগ্য যে পশ্চিম দৰঙলৈ স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু নাচনী মন্ত্ৰী হিচাপে ৰাইজৰ মাজত সুকীয়া পৰিচয় দাঙি ধৰা মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মা বহুবাৰ অঞ্চলটোলৈ আহিল যদিও  আকাশী পথৰে হেলিকাপ্তাৰেৰে অহা বাবে তেওঁলোকৰ চকুৰ আঁতৰত থাকি গল ৰাইজৰ এই দুদৰ্শাৰ ছবি।

Byte স্থানীয় লোক ।

উন্নয়নৰ কথাৰে ৰাইজক সপোন দেখুৱাই ক্ষমতাৰ ৰাজনীতিত ব্যস্ত মন্ত্ৰী বিধায়ক সকলৰ কেতিয়া চকু খোল খাব এনেবোৰ সমস্যাৰ প্ৰতি সেয়াহে হব লক্ষণীয়

 Debabrat goswami.Darrang
Last Updated : May 18, 2019, 9:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.