ETV Bharat / state

দৰঙৰ খাৰুপেটীয়াত বাৰ্মিজ চুপাৰী উদ্ধাৰ - assam police

খাৰুপেটীয়াৰ চুপাৰী গুদামত দৰং আৰক্ষীৰ অভিযানত বৃহত পৰিমানৰ অবৈধ বাৰ্মিচ চুপাৰী উদ্ধাৰ । উদ্ধাৰ কৰা চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় 25 লক্ষাধিক টকা । এই সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে, তিনিজনক আটক কৰিছে ৷

police-caught-burmiz-supari
দৰঙৰ খাৰুপেটীয়াত বাৰ্মিজ চুপাৰী উদ্ধাৰ
author img

By

Published : May 29, 2021, 3:59 PM IST

দলগাঁও, ২8 মে‌’: শনিবাৰে দৰং জিলাৰ খাৰুপেটীয়াত অবৈধ বাৰ্মিচ চুপাৰী সহ তিনিজনক আটক কৰে দৰং আৰক্ষীয়ে । এক গোপন সূত্ৰৰ ভিত্তিত দৰঙৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই খাৰুপেটীয়া আৰক্ষীৰ সহযোগত খাৰুপেটীয়া নগৰৰ কেইবাটাও অঞ্চলত অভিযান চলাই মুঠ ছয় হাজাৰ ছশ পয়ত্ৰিশ কেজি বাৰ্মিচ চুপাৰি উদ্ধাৰ কৰে ।

দৰঙৰ খাৰুপেটীয়াত বাৰ্মিচ চুপাৰী উদ্ধাৰ

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, উদ্ধাৰ কৰা চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় পচিশ লক্ষাধিক টকা । এই সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে খাৰুপেটীয়া হাস্পতাল ৰোডৰ আব্দুল হাকিম,জয়ন্তী নগৰৰ প্ৰকাশ সাহা আৰু গোপাল নগৰৰ শংকৰ সাহাক আটক কৰিছে ৷

police-caught-burmiz-supari
দৰঙৰ খাৰুপেটীয়াত বাৰ্মিজ চুপাৰী উদ্ধাৰ

আটকাধীন লোকসকলৰ ওপৰত খাৰুপেটীয়া থানাত 217/21 নং 420/379/411/34 ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক: ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.